শুকুৰবাৰৰ পৰা লিষ্টাৰশ্বায়াৰ অনুশীলন মেচ খেলাৰ কথা ভাৰতীয় দলৰ। অৱশ্যে বিৰাট পূৰ্বতকৈ বহু পৰিমাণে সুস্থ বুলি জনা গৈছে। অনুশীলন কৰিছে। ছচিয়েল মিডিয়াত সেই ফটো পোষ্ট কৰিছে।
শুকুৰবাৰৰ পৰা লিষ্টাৰশ্বায়াৰ অনুশীলন মেচ খেলাৰ কথা ভাৰতীয় দলৰ। অৱশ্যে বিৰাট পূৰ্বতকৈ বহু পৰিমাণে সুস্থ বুলি জনা গৈছে। অনুশীলন কৰিছে। ছচিয়েল মিডিয়াত সেই ফটো পোষ্ট কৰিছে।
কিছুদিন পূৰ্বে মালদ্বীপলৈ গৈছিল বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা। মুম্বাইলৈ উভতিয়ে চিকিৎসকক দেখুৱাবলৈ গৈছিল দুই তাৰকাই। বহুতেই ভাবিছিল কিবা সুখবৰ। অনুষ্কা শৰ্মা পুনৰ মাতৃ হ’ব নেকি বুলিও মনত প্ৰশ্নৰ উদয় হৈছিল বহুতৰে। কিন্তু সেয়া নহয়। আচলতে তেতিয়াৰে পৰাই ভাইৰাছত আক্ৰান্ত দুয়ো। এদিন পূৰ্বে কোৰোণা পজিটিভ হোৱা বাবে ইংলেণ্ডলৈ যাব নোৱাৰিলে অশ্বিনে।
এইবাৰ বিৰাট কোহলী কোৰোণাত আক্ৰান্ত হোৱাৰ খবৰ আহিল। অৱশ্যে এতিয়া সুস্থ তেওঁ। শুকুৰবাৰৰ পৰা লিষ্টাৰশ্বায়াৰ অনুশীলন মেচ খেলাৰ কথা ভাৰতীয় দলৰ। অৱশ্যে বিৰাট পূৰ্বতকৈ বহু পৰিমাণে সুস্থ বুলি জনা গৈছে। অনুশীলন কৰিছে। ছচিয়েল মিডিয়াত সেই ফটো পোষ্ট কৰিছে।
তথাপি বিৰাটক লৈ ৰিস্ক ল’ব খোজা নাই ৰাহুল দ্ৰাবিড়ে। কোহলীক অনুশীলন কৰিবলৈ দিলেও চিকিৎসকৰ পৰ্যবেক্ষণত ৰাখিছে। প্ৰেকটিছ মেচত তেওঁক সম্ভৱত খেলিবলৈ দিয়া নহ’ব। দলৰ বাকী সদস্যৰ দেহলৈ যাতে ভাইৰাছ নিবিয়পে তাৰ প্ৰতিও নজৰ ৰাখিছে ভাৰতীয় টীম মেনেজমেণ্টে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|