• Home
  • »
  • News
  • »
  • sports
  • »
  • T20 World Cupত ভাৰতৰ হৈ কোনে অপেনিং কৰিব ? কোহলী কিমান নম্বৰত বেটিং কৰিব ? উত্তৰ দিলে Team Indiaৰ অধিনায়ক বিৰাটে...

T20 World Cupত ভাৰতৰ হৈ কোনে অপেনিং কৰিব ? কোহলী কিমান নম্বৰত বেটিং কৰিব ? উত্তৰ দিলে Team Indiaৰ অধিনায়ক বিৰাটে...

T20 World Cup 2021ৰ প্ৰথমখন ৱাৰ্ম-আপ মেচত ভাৰতে ইংলেণ্ডক ৭ উইকেটত পৰাস্ত কৰে। অধিনায়ক বিৰাট কোহলীয়ে (Virat Kohli) খেলখনৰ পূৰ্বে স্পষ্ট কৰি দিছিল যে তেওঁ টি-২০ বিশ্বকাপত ইনিংছ আৰম্ভ কৰাৰ পৰিৱৰ্তে তিনি নম্বৰত বেটিং কৰিব।

  • Share this:
টি-২০ বিশ্বকাপৰ (T20 World Cup 2021) প্ৰথমখন ৱাৰ্ম-আপ মেচত ভাৰতে ইংলেণ্ডক ৭ উইকেটত পৰাস্ত কৰে। অধিনায়ক বিৰাট কোহলীয়ে (Virat Kohli) খেলখনৰ পূৰ্বে স্পষ্ট কৰি দিছিল যে তেওঁ টি-২০ বিশ্বকাপত ইনিংছ আৰম্ভ কৰাৰ পৰিৱৰ্তে তিনি নম্বৰত বেটিং কৰিব। তেওঁ লগতে প্ৰকাশ কৰিছিল যে লোকেশ ৰাহুল (KL Rahul) আৰু ৰোহিত শৰ্মাই (Rohit Sharma)) অপেনিং কৰিব। অৱশ্যে ২৪ অক্টোবৰত প্ৰতিযোগিতাখনৰ প্ৰথমখন খেলত চিৰপ্ৰতিদ্বন্দী পাকিস্তানৰ বিৰুদ্ধে আৰম্ভণিৰ ৬ জন বেটছমেনৰ বিষয়ে সোধাত কোহলীয়ে স্পষ্টভাৱে একো নক'লে।

'আই পি এল (IPL)ৰ আগতে পৰিস্থিতি বেলেগ আছিল, এতিয়া লোকেশ ৰাহুলৰ বাহিৰে আন কাকো শীৰ্ষ ক্ৰমত দেখাটো কঠিন,' ইংলেণ্ডৰ বিৰুদ্ধে অনুশীলন মেচৰ পূৰ্বে টছৰ সময়ত কোহলীয়ে কৈছিল। সেই ঠাইৰ বাবে ৰোহিতৰ বিষয়ে আপুনি ভবাৰ কোনো প্ৰয়োজন নাই। তেওঁ এজন বিশ্বমানৰ খেলুৱৈ। মই তিনি নম্বৰত বেটিং কৰিম। টুর্নামেন্টেৰ আগত এইটো খবৰে আপোনাক দিব পাৰো।

ৰাহুলে ৬২৮ ৰাণ সংগ্ৰহ কৰিছিল আৰু আই পি এলত ৩০ টা ছয় মাৰিছিল। তেওঁ প্ৰতিযোগিতাখনৰ তৃতীয় সৰ্বাধিক স্কোৰাৰ আছিল। 'প্ৰথম খন খেলৰ বাবে আমাৰ পৰিকল্পনা প্ৰায় সাজু,' কোহলীয়ে কয়। ৰাহুলে ৱাৰ্ম-আপ মেচখনত অৰ্ধশতক অৰ্জন কৰিছে আৰু ৫১ ৰাণৰ এক সুন্দৰ ইনিংছ খেলিছিল। তেওঁৰ উপৰিও অপেনাৰ ঈশান কিষাণে ৭০ ৰাণৰ এক সুন্দৰ ইনিংছ খেলিছিল।

ভাৰতে ২০ অক্টোবৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তেওঁলোকৰ দ্বিতীয়খন ৱাৰ্ম-আপ মেচ খেলিব। এই দুখন অনুশীলন খেলৰ উদ্দেশ্য হ'ল সকলোকে খেলপথাৰত অৱতীৰ্ণ হ'বলৈ সময় দিয়া যিহেতু তেওঁলোকে অলপ বিৰতিৰ পিছত খেল আৰম্ভ কৰিবলৈ ওলাইছে। ইয়াৰ উপৰিও, আমি এই খেলবোৰত যিমান সম্ভৱ সিমান খেলুৱৈক সুযোগ দিব বিচাৰো, বিৰাটে কয়। আমাৰ প্ৰয়াস হৈছে এটা দল হিচাপে কিছু শক্তি আৰু ছন্দ লাভ কৰা।
Published by:Kokil Sarma
First published: