২০২২ বৰ্ষৰ টি-২০ বিশ্বকাপৰ প্ৰথমখন মেচত পাকিস্তানৰ বিৰুদ্ধে খেলিছিল বিৰাট কোহলীয়ে। ৫৩ টা বলত ৮২ ৰাণৰে মেচ বিজয়ী ইনিংছ খেলি তেওঁ কেইবাটাও নজিৰ গঢ়ি তুলিছে। পাকিস্তানৰ বিৰুদ্ধে ঐতিহাসিক ইনিংছ খেলাৰ বাবে এইবাৰ আন এক পুৰস্কাৰ লাভ কৰে বিৰাট কোহলীয়ে। আইচিচি টি২০ ৰেংকিঙত লাভ কৰিলে সফলতা। কোহলি পুনৰ শীৰ্ষ দহ খেলুৱৈত লাভ কৰিলে স্থান।
কিছুমাহ পূৰ্বে বিৰাট কোহলিয়ে অবিৰত অফ-ফৰ্মৰ বাবে টি-২০ বেটছমেনৰ ৰেংকিঙত ৩৫ নম্বৰলৈ নামি আহিছিল। এছিয়া কাপত পুনৰ প্ৰৱেশ আৰু চেঞ্চুৰীৰ পিছৰে পৰা কোহলীয়ে লাহে লাহে ৰেংকিঙত ওপৰলৈ উঠি আহিছিল। টি-২০ বিশ্বকাপত পাকিস্তানৰ বিৰুদ্ধে খেলাৰ পূৰ্বে বিৰাটে ১৫ নম্বৰ স্থান লাভ কৰিছিল। তাৰ পৰা পাকিস্তানৰ বিৰুদ্ধে মেচ বিজয়ী ইনিংছ খেলি নৱম স্থানলৈ উন্নীত হৈছে বিৰাট কোহলীয়ে।
বৰ্তমান বিৰাট কোহলীৰ পইণ্ট হৈছে ৬৩৫। ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকী এসময়ত শীৰ্ষ ৰেংকিঙৰ টি-২০ বেটছমেন আছিল। তাৰ পৰা নিম্নগামী হৈ বিৰাট কোহলী আকৌ এবাৰ ওপৰলৈ উঠি যোৱাৰ পথত। টি-২০ বিশ্বকাপৰ পাকিস্তানৰ মেচৰ দৰে নিজৰ ফৰ্ম বজাই ৰাখিব পাৰিলে বিৰাট কোহলীয়ে এই ৰেংকিং তালিকাত ওপৰলৈ উঠাৰ সম্ভাৱনা আছে।
প্ৰসংগক্ৰমে আইচিচিৰ টি-২০ ৰেংকিঙৰ তালিকাত ৮৪৯ নম্বৰেৰে শীৰ্ষত আছে পাকিস্তানৰ মহম্মদ ৰিজৱান। ৮৩১ পইণ্টেৰে দ্বিতীয় স্থানত আছে নিউজিলেণ্ডৰ ডেভন কনৱে। তৃতীয় স্থানত আছে ভাৰতৰ সূৰ্যকুমাৰ যাদৱ যাৰ পইণ্ট ৮২৮। ৭৯৯ পইণ্টেৰে চতুৰ্থ স্থানত আছে পাকিস্তানৰ বাবৰ আজম। ৭৬২ পইণ্টেৰে পঞ্চম স্থানত আছে দক্ষিণ আফ্ৰিকাৰ আইডেন মাৰ্ক্ৰাম।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|