মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »Virat Kohli: শ্বাহৰুখ খানৰ 'পাঠান'ৰ গীতত কঁকাল ঘূৰালে বিৰাট কোহলীয়ে, সংগ দিলে জাদেজাই, চাওক নৃত্যৰ ভাইৰেল ভিডিঅ'

Virat Kohli: শ্বাহৰুখ খানৰ 'পাঠান'ৰ গীতত কঁকাল ঘূৰালে বিৰাট কোহলীয়ে, সংগ দিলে জাদেজাই, চাওক নৃত্যৰ ভাইৰেল ভিডিঅ'

বিৰাট কোহলীক শ্বাহৰুখ খান অভিনীত 'পাঠান' গীতত নৃত্য কৰা দেখা গৈছিল। চাওক এই ভাইৰেল ভিডিা'টো

বিৰাট কোহলীক শ্বাহৰুখ খান অভিনীত 'পাঠান' গীতত নৃত্য কৰা দেখা গৈছিল। চাওক এই ভাইৰেল ভিডিা'টো

Virat Kohli: নাগপুৰ টেষ্টত জয়লাভ কৰাৰ পাছত বিৰাট কোহলীক শ্বাহৰুখ খান অভিনীত 'পাঠান' গীতত নৃত্য কৰা দেখা গৈছিল। চাওক এই ভাইৰেল ভিডিা'টো

  • Share this:

খেলৰ সময়ত খেলপথাৰত বা খেলৰ পিছত সতীৰ্থৰ সৈতে বিৰাট কোহলীৰ নৃত্য নতুন কথা নহয়। ইয়াৰ পূৰ্বেও কেইবাবাৰো ভাইৰেল হৈছিল বিৰাট কোহলীৰ নৃত্য। নাগপুৰত ভাৰত বনাম অষ্ট্ৰেলিয়া টেষ্টৰ পাছত আকৌ এবাৰ বিৰাট কোহলীয়ে গীতৰ তালে তালে কঁকাল ঘূৰালে। যদিও এই ঘটনা নতুন নহয়, তথাপিও বিৰাট কোহলীয়ে নৃত্য কৰা গীতটো লক্ষণীয়। কাৰণ নাগপুৰ টেষ্টত জয়লাভ কৰাৰ পাছত বিৰাট কোহলীক শ্বাহৰুখ খান অভিনীত 'পাঠান' গীতত নৃত্য কৰা দেখা গৈছিল। নেট জগতত ধুমুহাৰ সৃষ্টি কৰে ভিডিঅ'টোৱে।


ভিডিঅ’টোত দেখা গৈছে যে প্ৰথমখন টেষ্টত অষ্ট্ৰেলিয়াক পৰাস্ত কৰি বিৰাট কোহলীয়ে খেলপথাৰৰ কাষত দলটোৰ সৈতে বিজয় উদযাপন কৰি আছে। হঠাৎ তেওঁক 'পাঠান'ৰ বিখ্যাত গীত ‘ঝুমে জো পাঠান জো মেৰী জান’ৰ তালত নাচি থকা দেখা গ’ল। বিৰাট কোহলীয়ে গীতটোৰ চিগনেচাৰ ষ্টেপটো দুবাৰকৈ কৰিলে। আৰু কেৱল বিৰাট কোহলীয়ে নহয়, নাগপুৰ টেষ্টৰ মেন অৱ দ্য মেচ ৰবীন্দ্ৰ জাদেজাক ভাৰতৰ প্ৰাক্তন অধিনায়ক গৰাকীৰ তালে তালে নৃত্য কৰা দেখা গ’ল।





প্ৰসংগক্ৰমে নাগপুৰ টেষ্টত ভাৰতীয় দলটোৱে এক আচৰিত জয়ৰে শৃংখলা আৰম্ভ কৰিছিল। অষ্ট্ৰেলিয়াই টছত জয়লাভ কৰি বেটিং কৰাৰ সিদ্ধান্ত লয়। প্ৰথম ইনিংছত ১৭৭ ৰান সংগ্ৰহ কৰি অল আউট হৈছিল বেগী গ্ৰীণছ। ভাৰতৰ হৈ ৰবীন্দ্ৰ জাদেজাই সৰ্বাধিক ৫ উইকেট দখল কৰে। প্ৰথম ইনিংছত ভাৰতে ৪০০ ৰান সংগ্ৰহ কৰে। ৰোহিত শৰ্মাই অধিনায়কত্বৰ ইনিংছ ১২০ ৰান কৰে। ইয়াৰ উপৰিও অক্ষৰ পেটেলে ৮৪ ৰান, ৰবীন্দ্ৰ জাদেজাই ৭০ ৰান সংগ্ৰহ কৰে। ভাৰতে ২২৩ ৰানৰ অগ্ৰগতি লাভ কৰে। কিন্তু দ্বিতীয় ইনিংছত অষ্ট্ৰেলিয়াই মাত্ৰ ৯১ ৰান সংগ্ৰহ কৰি বল আউট হয়। অশ্বিনে ৫ উইকেট দখল কৰে। নাগপুৰ টেষ্ট মেচখনত ভাৰতে এক ইনিংছ আৰু ১৩২ ৰানেৰে জয়লাভ কৰে।

শেহতীয়া বাতৰি