• Home
  • »
  • News
  • »
  • sports
  • »
  • Virat Kohli 100th Test: শততম টেষ্টত চেঞ্চুৰী কৰিব নোৱাৰিব বিৰাট কোহলিয়ে, এম্বুলদেনিয়াৰ বলত হ'ব আউট, ভাইৰেল ভৱিষ্যত বাণী

Virat Kohli 100th Test: শততম টেষ্টত চেঞ্চুৰী কৰিব নোৱাৰিব বিৰাট কোহলিয়ে, এম্বুলদেনিয়াৰ বলত হ'ব আউট, ভাইৰেল ভৱিষ্যত বাণী

Virat Kohli 100th Test: বিৰাট কোহলিয়ে শততম টেষ্টত শ্ৰীলংকাৰ বিৰুদ্ধে আউট হোৱাৰ পিছতে ভাইৰেল হৈছে এটা ভৱিষ্যতবাণী।

Virat Kohli 100th Test: বিৰাট কোহলিয়ে শততম টেষ্টত শ্ৰীলংকাৰ বিৰুদ্ধে আউট হোৱাৰ পিছতে ভাইৰেল হৈছে এটা ভৱিষ্যতবাণী।

Virat Kohli 100th Test: বিৰাট কোহলিয়ে শততম টেষ্টত শ্ৰীলংকাৰ বিৰুদ্ধে আউট হোৱাৰ পিছতে ভাইৰেল হৈছে এটা ভৱিষ্যতবাণী।

  • Share this:
সাম্প্ৰতিক বিশ্বৰ এজন অন্যতম ক্ৰিকেটাৰ বিৰাট কোহলি (Virat Kohli)য়ে শুকুৰবাৰে কেৰিয়াৰ শততম টেষ্ট (Virat Kohli 100th Test)খেলাৰ গৌৰৱ অৰ্জন কৰিলে। কোহলিৰ শততম টেষ্টক লৈ ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে হৈছে ব্যাপক চৰ্চা। কিন্তু শততম টেষ্টত শ্ৰীলংকা (Sri Lanka)ৰ বিৰুদ্ধে আউট হোৱাৰ পিছতে ভাইৰেল হৈছে এটা ভৱিষ্যতবাণী।

কোহলিৰ শততম টেষ্টক লৈ চৰ্চা চলি থকাৰ মাজতে এজন টুইটাৰ ইউজাৰে (Twitter User) কৰিছিল এটা টুইট। টুইটটোত লিখা মতে শততম টেষ্টত কোহলিয়ে ১০০ ৰাণ কৰিব নাৱাৰে, মাত্ৰ ৪৫ ৰাণহে কৰিব। শ্ৰীলংকাৰ বলাৰ লাচিত এম্বুলদেনিয়া (Lasith Embuldeniya)ৰ এটা শ্বাৰ্প টাৰ্ণিং বলত আউট হ'ব আৰু চুড়ান্ত আশ্চৰ্যৰ চেহেৰা এটাৰে কোহলি পেভিলিয়নলৈ ঘূৰি যাব। এই ভিডিঅ'টো চালেই সকলো বুজি পাব-



টুইটাৰ ইউজাৰগৰাকীয়ে লিখাৰ ধৰণেই ৭৬টা বলত ৪৫ ৰাণ কৰি এম্বুলদেনিয়াৰ বলত আউট হয় কোহলি আৰু এই কথা যেন বিশ্বাস কৰিব পৰা নাছিল কোহলিয়ে। আচৰিত লাগে যে কিমান ৰাণ কৰিব, কাৰ বলত কেনেকৈ আউট হ'ব তাৰ পৰা কোহলিৰ প্ৰতিক্ৰিয়া কেনে হ'ব তালৈকে ভৱিষ্যতবাণী কৰাটো ধেমালিতো নহয়।



পিছে সচাকৈ তেনেদৰেই কোহলি আউট হোৱাৰ পিছত ভাইৰেল হৈছে টুইটটো।
Published by:Manjumoni Borah
First published: