বিচিচিআইৰ চলিত বিজয় হাজাৰে ট্ৰফী (Vijay Hazare Trophy) এদিনীয়া ক্ৰিকেটত অসমৰ বিপৰ্যয় অব্যাহত আছে। প্ৰতিযোগিতাৰ ক্ৰমাগত তৃতীয়খন খেলত পৰাস্ত অসমৰ ছিনিয়ৰ ক্ৰিকেট দলটো। গোৱা, চাৰ্ভিছেজৰ পিছত পাঞ্জাৱৰ (Punjab Cricket team beat Assam) হাততো পৰাস্ত হয় অসমৰ ছিনিয়ৰ দল। শনিবাৰে পাঞ্জাৱৰ হাতত শোচনীয়ভাৱে দহ উইকেটত পৰাস্ত হয় অসম।
ঝাৰখন্ডত চলি থকা খেলত শনিবাৰে টছত জয়লাভ কৰি পোনটে বেটিং কৰা অসম দলে ৩৪.৫ অভাৰতে মাত্ৰ ১২৫ ৰানত আত্মসমৰ্পণ কৰে। অসমৰ হৈ স্বৰূপম পুৰকায়স্থই সৰ্বাধিক ৩৬ ৰান সংগ্ৰহ কৰে। অসমৰ সাতগৰাকী ক্ৰিকেটাৰে দহকৰ ঘৰত ৰান কৰিব নোৱাৰিলে। অধিনায়ক ৰিয়ান পৰাগ (riyan parag) সহিতে আন তিনিগৰাকী খেলুৱৈ ক্ৰমে ৱাছিকুৰ ৰহমান, প্ৰীতম দাস আৰু ৰাহুল সিঙে শূন্যতে আউট হয়।
অসমৰ ১২৫ ৰানৰ প্ৰত্যুত্তৰত পাঞ্জাৱ দলে প্ৰভাসিমৰান সিং (৭৩*) আৰু অভিষেক শৰ্মা (৫৬*) ৰানৰ সহায়ত মাত্ৰ ১৫.২ অভাৰতে জয়ৰ লক্ষ্যত উপনীত হয়। অসমৰ দলৰ দুৰ্বল প্ৰদৰ্শনত হতাশ অনুভৱ কৰিছে প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰসকলে। গোৱা আৰু ছাৰ্ভিছেজৰ হাততো পৰাজিত হোৱা অসম দলে দেওবাৰে ৰাজস্থান বিৰুদ্ধে অৱতীৰ্ণ হ'ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|