অসমৰ বাবে আন এক সুখবৰ। আন্তঃবিশ্ববিদ্যালয়ৰ পেঞ্চাক চিলেট খেলত অসমে লাভ কৰে তিনিটাকৈ পদক। ইয়াৰে দুটাকৈ পদক লাভ কৰে গোলাঘাট জিলাৰ সৰুপথাৰ মধ্যমপুৰৰ অচ্যুৎ বড়ো আৰু চুঙাজানৰ প্ৰেৰণা হাজৰিকাৰ লগতে গোৱালপাৰাৰ দিবাকৰ ৰাভাই।
অচ্যুৎ বড়োৱে ৰূপৰ পদক পোৱাৰ লগতে প্ৰেৰণা হাজৰিকা আৰু দিবাকৰ ৰাভাই ব্ৰঞ্জৰ পদক লাভ কৰে। পাঞ্জাৱৰ অমৃতসৰত অনুষ্ঠিত হয় এই প্ৰতিযোগিতাসমূহ (All India Inter University Pencak Silat (Men & women) Championship 2023)।
গুৰুত্বপূৰ্ণ যে চৰকাৰী সা-সুবিধা অবিহনে নিজৰ গাঁঠিৰ ধন ভাঙি ভাৰতৰ বিভিন্ন ঠাইত খেলিবলৈ যাবলগীয়া হয় অসমৰ খেলুৱৈসকল। অসমৰ হৈ পদকপ্ৰাপ্ত তিনিও গৰাকী খেলুৱৈক পঞ্জাৱৰ Lovely Professional University-এ বিশেষ জলপানিৰে পঢ়া-শুনাৰ লগতে পেঞ্চাক চিলাট খেলাৰ বাবে বিশেষ প্ৰশিক্ষণৰ সুবিধা আগবঢ়াই আহিছে।
এইদৰে খেলুৱৈ কেইগৰাকীয়ে খেলত মনোনিবেশ কৰিলে ভৱিষ্যতে আন্তঃৰাষ্ট্ৰীয় খেলতো ভাল প্ৰদৰ্শন কৰিব বুলি আশাবাদী প্ৰশিক্ষক গগন বড়ো। তদুপৰি আন এগৰাকী প্ৰশিক্ষক কৰণ সিং ডাঙৰীয়াই পদকপ্ৰাপ্ত অচ্যুৎ বড়ো আৰু প্ৰেৰণাৰ হাজৰিকাৰ প্ৰশিক্ষক হিচাপে গৌৰৱ অনুভৱ কৰাৰ কথা সদৰী কৰে।
Published by: Gautam Barman
FIRST PUBLISHED : March 27, 2023, 15:47 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।