ৰক্তিম দাস, ডিব্ৰুগড়: মটক জনগোষ্ঠীৰ এক পৌৰাণিক ধৰ্মীয় খেল হৈছে 'কড়ি খেল'। তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত প্ৰধানকৈ বসবাস কৰা মটক জনগোষ্ঠীৰ লোকসকলে অতীজৰে পৰা পৰম্পৰাগতভাৱে কড়ি খেল খেলি আহিছে বুলি জনা যায় । ব'হাগ বিহুৰ সময়ত মটক সম্প্ৰদায়ৰ ডেকাসকলে হুঁচৰি গাই শেষ হোৱাৰ ৬/৭ দিনৰ পিছতেই এই কড়ি খেল অনুষ্ঠিত কৰে ।
গাঁৱৰ নামঘৰ, চুবুৰীসমূহৰ নামঘৰ, কোনো কোনো ব্যক্তিৰ ঘৰত এই পৰম্পৰাগত কড়ি খেল অনুষ্ঠিত হৈ আহিছে । মটক জনগোষ্ঠীৰ যুৱক, জেষ্ঠ লোকসকলে কোনো এটা নিৰ্দিষ্ট দিনত নামঘৰ বা কোনো ব্যক্তিৰ ঘৰত সন্ধিয়া আৰম্ভ হোৱাৰ পৰা পিছদিনা পুৱা পৰ্যন্ত পৰম্পৰাগত ধৰ্মীয় খেলবিধ খেলে ।
বৰ্তমান সময়ত তিনিচুকীয়াৰ বৰুৱাহোলা গাঁৱত ধৰ্মীয় খেলবিধ অনুষ্ঠিত হৈ থকা পৰিলক্ষিত হৈছে । কড়ি খেল যিহেতু মটক সকলৰ ধৰ্মীয় পৰম্পৰাগত খেল সেয়ে বহু নীতি-নিয়ম মানি খেলখনত খেলুৱৈ অংশগ্ৰহণ কৰিব লাগে । কড়ি খেলৰ সংখ্যা গণনাৰ সময়ত ফলি-পেঞ্চিল ব্যৱহাৰ কৰা হয় ।
এজন খেলুৱৈয়ে কড়িকেইটা নিয়মানুসাৰে পেলোৱাৰ পিছত সোঁফালৰ কাষতে থকা আনজন খেলুৱৈলৈ হাতে হাতে নিদি কড়িকেইটা গোট খুৱাই মজিয়াৰে চোঁচৰাই দিয়াৰ নিয়ম । খেলৰ আনন্দ উপভোগৰ মাজতে মাটিত ঢকিওৱা অথবা হাত চাপৰি মৰা কাৰ্য কৰিব নালাগে ।
ঢালখনৰ মধ্যভাগৰ চাৰিটা দলৰ খেলৰ গুটি অর্থাৎ পাতি পইচাবোৰ ৰখা হয় আৰু মধ্যভাগৰ পৰাই গণনাৰ নিয়মানুসাৰে বাওঁফালে ক্ৰমান্বয়ে আগবঢ়াই নিয়া হয় ।
ঢালখনৰ মধ্যভাগৰ পৰা গুটি ওলোৱা প্ৰথম কাৰ্যক কড়ি গজা বুলি কোৱা হয় ।
অর্থাৎ কড়ি গজে । খেলি গৈ থাকোতে অর্থাৎ গুটি আগবঢ়াই নিওঁতে যদি গণনা অনুসৰি বিপক্ষ দলৰ গুটি থকা স্থানত পৰে, তেতিয়া বিপক্ষ দলৰ গুটি খোৱা হয় । খোৱা গুটি পুনৰ মধ্যভাগৰ পৰা নতুনকৈ আৰম্ভ কৰিব লগা হয় । খেলৰ গুটি নিয়মানুসাৰে আগবঢ়াই নি পুনৰ মধ্যস্থান পোৱাব লাগে ।
এইদৰে একোটা দলৰ আটাইকেইটা গুটি আগবঢ়াই নি সম্পূৰ্ণ এপাক ঘূৰাই পুনৰ মধ্যস্থান পোৱালে সেই দল আৰু পক্ষটোৱেই জয়ী বুলি গণ্য কৰা হয় । খেলখনত হৰা বা পৰাজয় হোৱা দল বা পক্ষটোৱে পূৰ্বে কৰা চুক্তি অনুসৰি ২ (দুই) টকা জৰিমনা বহন কৰিব লাগে । ইমানতে কড়িখেলখনৰ এটা ঢাল সম্পূৰ্ণ হোৱা বুলি গণ্য কৰা হয় । এটা ঢাল সম্পূর্ণ হোৱাৰ বাবে অতিকমেও ২-৩ ঘণ্টা লাগে ।
কেতিয়াবা ইয়াতকৈ বেছি সময়ৰো প্ৰয়োজন হয় । সময়ৰ কম-বেছি খেলখনৰ গতি-বিধিৰ ওপৰত নিৰ্ভৰ কৰে । সময় সাপেক্ষে দুই বা তিনি ঢাল পর্যন্ত খেল অব্যাহত থাকে । এইক্ষেত্ৰত খেলুৱৈৰ আগ্ৰহ আৰু মনোবল একান্তই প্রয়োজন ।
আনন্দ-উলাহৰ মাজেৰে সম্পন্ন হোৱা কড়িখেলৰ অন্তত সমূহীয়া সংগৃহীত সামান্য বৰঙণিৰে, আয়োজক ব্যক্তি বা গৃহস্থ অথবা উদ্যোক্তাসকলে আয়োজন কৰা প্রীতিভোজ গ্রহণ কৰি সকলোৰে মংগল কামনাৰে সামৰণি মৰা হয় ।
খেল একোখনত কোনো দল অথবা পক্ষ জিকা, হৰা বা সমান হোৱাটো কোনো অস্বাভাৱিক নহয় । শৃংখলাবদ্ধভাৱে, একাগ্ৰতাৰে আৰু সততাৰে খেল খেলি আনন্দ উপভোগ কৰাটোহে খেলুৱৈৰ প্ৰকৃত লক্ষ্য হ'ব লাগে । কড়ি খেলটোও ইয়াৰ ব্যতিক্ৰম নহয় । তাৰোপৰি ইয়াক ধৰ্ম আৰু সত্যৰ ওপৰত প্ৰতিষ্ঠিত খেল বুলি গণ্য কৰি অহা হৈছে ।
তাহানিৰ মহাভাৰতত উল্লেখ থকা কৌৰৱ-পাণ্ডৱৰ মাজত অনুষ্ঠিত পাশাখেলখনৰ ফলাফল স্বৰূপে ধৰ্মৰ জয় অর্ধমৰ পৰাজয় ইয়াৰ অন্যতম উদাহৰণ । উজনি অসমৰ তিনিচুকীয়া জিলাৰ পশ্চিম প্ৰান্তত অৱস্থিত বৰুৱাহোলা অঞ্চলত অতীজৰে পৰা ৰঙালী বিহুৰ পৰম্পৰাৰ এই কড়িখেল প্ৰথা প্ৰচলিত হৈ আহিছে । সম্মতি সাপেক্ষে কোনো ব্যক্তিৰ ঘৰত এই খেল অনুষ্ঠিত কৰা হয় ।
কড়ি খেলৰ নীতি-নিয়মঃ ৰঙালী বিহু আৰম্ভণিৰ পৰা গাঁৱৰ ঘৰে ঘৰে গোৱা হুচৰিৰ অন্তত আৰু বিহুৱা সবাহ বা গৰখীয়া সবাহৰ আগৰ এই সময়ছোৱাৰ ভিতৰতহে কড়ি খেল অনুষ্ঠিত কৰাৰ নিয়ম অতীজৰে পৰা চলি আহিছে ৷ এনে নিয়মৰ ব্যতিক্ৰম হোৱা উচিত নহয়। তেনে কৰিলে জাতীয় পৰম্পৰাত আঘাত কৰাৰ দৰে হয় আৰু ই কাৰোৰে কাম্য নহয় বুলি জনবিশ্বাস আছে । কেবল পুৰুষৰ মাজতে সীমাবদ্ধ এই খেলত ডেকা-বুঢ়া সকলোৱে অংশগ্ৰহণ কৰিব পাৰে ।
অংশগ্রহণকাৰী খেলুৱৈ সকলে ধূতি, কামিজ, গামোচা আৰু গাত চেলেং চাদৰ ল'ব লাগে । মাদক সেৱন কৰি অহাটো নিষিদ্ধ । খেলৰ আৰম্ভণিতে সকলোৰে কুশল কামনা কৰি তামোল-পাণৰ এখনি শৰাই আগবঢ়োৱা আৰু জ্যেষ্ঠজনৰ আজ্ঞা গ্রহণ কৰা হয় ।
খেলৰ বাবে সাজু হ'বলৈ ইচ্ছুক খেলুৱৈসকলৰ মাজত দল গঠন কৰা হয় । এজনৰ পৰা চাৰিজন পর্যন্ত সপক্ষৰ দুটা আৰু বিপক্ষৰ দুটা, মুঠ চাৰিটা দল সমভাৱে গঠন হয় । মটক জনোগোষ্ঠীৰ লোকসকলে পৰম্পৰাগত কড়িখেলৰ প্ৰথা জীয়াই ৰাখি অসমীয়া সংস্কৃতি টনকিয়াল কৰাত অৰিহণা যোগাই আহিছে । ধৰ্ম আৰু সত্যৰ ওপৰত প্ৰতিষ্ঠিত এই প্রথা যুগে যুগে জীয়াই থাকক ।
Published by: Subham Goswami
FIRST PUBLISHED : May 22, 2023, 18:32 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।