মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »Shane Warne: শ্বেন ৱাৰ্নৰ মৃত্যুৰ বিষয়ে বিশেষ তথ্য পোহৰলৈ, থাইলেণ্ড আৰক্ষীয়ে প্ৰদান কৰিলে গুৰুত্বপূৰ্ণ খবৰ

Shane Warne: শ্বেন ৱাৰ্নৰ মৃত্যুৰ বিষয়ে বিশেষ তথ্য পোহৰলৈ, থাইলেণ্ড আৰক্ষীয়ে প্ৰদান কৰিলে গুৰুত্বপূৰ্ণ খবৰ

মজিয়াত, গা ধোৱা টাৱেল আৰু গাৰুত তেজৰ দাগ পোৱা গৈছিল

মজিয়াত, গা ধোৱা টাৱেল আৰু গাৰুত তেজৰ দাগ পোৱা গৈছিল

মজিয়াত, গা ধোৱা টাৱেল আৰু গাৰুত তেজৰ দাগ পোৱা গৈছিল

  • Share this:
ক্ৰিকেটাৰ শ্বেন ৱাৰ্নৰ মৃত্যুৰ বিষয়ে ডাঙৰ তথ্য পোহৰলৈ আহিছে। শুকুৰবাৰে থাইলেণ্ডত অষ্ট্ৰেলিয়াৰ কিংবদন্তি স্পিনাৰ ৫২ বছৰীয়া ৱাৰ্নৰ (Shane Warne) মৃত্যু হয়। থাইলেণ্ডৰ এটা ব্যক্তিগত ভিলাত ৱাৰ্নৰ বন্ধুসকলে তেওঁক অচেতন অৱস্থাত পাইছিল। তেওঁৰ মেনেজমেণ্টে পিছত এটা বিবৃতি জাৰি কৰি কৈছিল যে তেওঁ সন্দেহজনক হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল।

থাইলেণ্ড আৰক্ষীয়ে ৱাৰ্নৰ মৃত্যুক লৈ এটা নতুন বিবৃতি দিছে। থাই আৰক্ষীয়ে প্ৰকাশ কৰিছিল যে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন ক্ৰিকেটাৰজনৰ মৃত্যুৰ আগতে বুকুৰ বিষ (chest pains) হৈছিল। ৱাৰ্নৰ ইতিমধ্যে হাপানি আৰু হৃদযন্ত্ৰ সম্পৰ্কীয় সমস্যা আছিল। আৰক্ষীৰ মতে, হলীডে আইলেণ্ড ভিলাত প্ৰাক্তন ক্ৰিকেটাৰ শ্বেন ৱাৰ্নৰ মৃত্যুত কোনো ধৰণৰ সন্দেহজনক বিষয় প্ৰত্যক্ষ কৰা হোৱা নাই।

থাই আৰক্ষী বিষয়া য়ুটানা চিৰিচোম্বাটে (Yuttana Sirisombat) কয় যে তেওঁৰ শৰীৰত কোনো ড্ৰাগছজাতীয় পদাৰ্থ বা নিচাজাতীয় পদাৰ্থৰ অৱস্থিতি পোৱা হোৱা নাই (no drug substance was detected in his body)।

আনহাতে, দ্য বেংকক পোষ্টৰ এক প্ৰতিবেদন অনুসৰি শ্বেন ৱাৰ্ন যিটো কোঠাত আছিল, তাৰ মজিয়াত, গা ধোৱা টাৱেল আৰু গাৰুত তেজৰ দাগ পোৱা গৈছিল (bloodstains found on floor)। আৰক্ষীয়ে থাই বাতৰি কাকত মেটিচোনক কোৱা মতে, ৱাৰ্নৰ মৃত্যুৰ পূৰ্বে ৰক্তক্ষৰণ হৈছিল। ইয়াৰ পূৰ্বে খবৰ পোৱা গৈছিল যে ৱাৰ্নৰ চাৰিজন বন্ধুৱে চিকিৎসালয়লৈ নিয়াৰ আগতে তেওঁক ২০ মিনিটৰ বাবে বচাবলৈ চেষ্টা কৰিছিল, যাৰ পিছত তেওঁক মৃত ঘোষণা কৰা হৈছিল।

শেহতীয়া বাতৰি