• Home
  • »
  • News
  • »
  • sports
  • »
  • India vs New Zealand In WT20: আজি পৰাস্ত হ'লে সকলো শেষ নেকি? ছেমিফাইনেল খেলাৰ পৰা বঞ্চিত হ'ব নেকি টিম ইণ্ডিয়া?

India vs New Zealand In WT20: আজি পৰাস্ত হ'লে সকলো শেষ নেকি? ছেমিফাইনেল খেলাৰ পৰা বঞ্চিত হ'ব নেকি টিম ইণ্ডিয়া?

India vs New Zealand In WT20: আজি ভাৰত আৰু নিউজিলেণ্ডৰ বাবে মৰণপৰণ যুঁজ!

India vs New Zealand In WT20: আজি ভাৰত আৰু নিউজিলেণ্ডৰ বাবে মৰণপৰণ যুঁজ!

India vs New Zealand In WT20: আজি ভাৰত আৰু নিউজিলেণ্ডৰ বাবে মৰণপৰণ যুঁজ!

  • Share this:
প্ৰথম খন মেচত পৰাস্ত হৈ চাপত পৰা ভাৰতীয় দলৰ বাবে আজি নিউজিলেণ্ডৰ বিৰুদ্ধে মৰণপণ যুঁজ। আজি পৰাস্ত হ'লে কঠিন হৈ পৰিব ভাৰতীয় দলৰ বিশ্বকাপ যাত্ৰা। নিউজিলেণ্ডৰ বিৰুদ্ধে আজি টিম ইণ্ডিয়া পৰাস্ত হ'লেই টি-২০ বিশ্বকাপত চেম্পিয়ন হোৱাৰ আশা প্ৰায় শেষ হ'ব।

প্ৰশ্ন উত্থাপিত হৈছে যে, নিউজিলেণ্ডৰ বিৰুদ্ধে পৰাস্ত হ'লে সঁচাকৈ ছেমিফাইনেল খেলাৰ আশাত পৰিব নেকি চেচাপানী। নে আজি হাৰিলেও টুৰ্ণামেণ্টত আশা সজীৱ হৈ থাকিব টিম ইণ্ডিয়াৰ।  পাকিস্তানৰ ধাৰাবাহিক জয়ে ভাৰতীয় দলৰ বাবে এক আশাৰ ৰেঙণি কঢ়িয়াইছে।

পাকিস্তান তিনিখন মেচৰ তিনিখনতে জয়লাভ কৰি বৰ্তমান পইণ্ট টেবুলৰ শীৰ্ষত আছে। ছেমিফাইনেল খেলা প্ৰায় নিশ্চিত পাকিস্তানৰ। এতিয়াও দলটোৰ স্কটলেণ্ড আৰু নামবিয়াৰ বিৰুদ্ধে দুখন খেল বাকী আছে। এই দুয়োখন খেলত পাকিস্তানে জয়লাভ কৰাই সম্ভাৱনা অধিক। পাকিস্তানৰ ছেমিফাইনেল খেলা নিশ্চিত হলে, গ্ৰুপ-২ত মাত্ৰ এটা ঠাই থাকিব।

এটা স্থানৰ বাবে তিনিটা দল দাবীদাৰঃ

যদি ধৰা হয়, স্কটলেণ্ড আৰু নামাবিয়া ছেমিফাইনেলৰ পৰা বাহিৰ হয়, নক আউট ৰাউণ্ডৰ বাবে প্ৰতিদ্বন্দিতা কৰিব তিনিটা দলে। সেই দলকেইটা হ'ল ভাৰত-নিউজিলেণ্ড আৰু আফগানিস্তান।

পিছৰ তিনিওখন খেল গুৰুত্বপূৰ্ণঃ

এই পৰ্যন্ত ভাৰত, নিউজিলেণ্ড আৰু আফগানিস্তানে ইটো দলে আনটোৰ সৈতে এখনো মেচ খেলা নাই। পৰৱৰ্তী তিনিখন মেচৰ পিছতে নিশ্চিত হ'ব, ছেমিফাইনেলত কোন দলে স্থান লাভ কৰিব।

টিম ইণ্ডিয়া নিউজিলেণ্ডৰ হাৰিলে কি হ'বঃ

নিউজিলেণ্ডৰ বিৰুদ্ধে টিম ইণ্ডিয়া পৰাস্ত হ'লেও আশা থাকিব। তেতিয়া নিৰ্ভৰ কৰিব আন দলৰ জয় পৰাজয়ৰ ওপৰত। উদাহৰণ স্বৰূপে, ভাৰত যদি নিউজিলেণ্ডৰ হাতত পৰাস্ত হয়, আৰু পিছত আফগানিস্তানে নিউজিলেণ্ডক হৰুৱালে, তেতিয়া তিনিওটা দলৰে পইণ্ট সমান হব, এই পৰিস্থিতিত ছেমিফাইনেল খেলিবলগীয়া দল নিৰ্ধাৰণ কৰিব নেট ৰাণ ৰেটে।
Published by:Himangshu Bhuyan
First published: