আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব বিশ্বৰ জনপ্ৰিয় ফ্ৰেঞ্চাইজি ক্ৰিকেট লীগ আই পি এলৰ ফাইনেল। একেলগে দেখা যাব ক্ৰিকেট, ভিআইপি আৰু গ্লেমাৰৰ পয়োভৰ। তাৰ মাজতে গুজৰাট বনাম ৰাজস্থানৰ খেলখনত পাৰ্থক্য আনিব পৰা কেইজনমান ক্ৰিকেটাৰৰ ওপৰত চকু ফুৰাওঁ আহক। ফাইনেলত কোনে জয়ী হ’ব সেয়া কোৱা টান। কাৰণ ক্ৰিকেট হৈছে এক বৃহৎ অনিশ্চয়তাৰ খেল। তথাপি তুলি ধৰা হ’ল ৬ গৰাকী ক্ৰিকেটাৰক।
হার্দিক পাণ্ডিয়াঃ আই পি এল আৰম্ভ হোৱাৰ পূর্বে তেওঁৰ ফর্মক লৈ সন্দেহৰ সৃষ্টি হৈছিল৷ কিন্তু যিমানেই প্ৰতিযোগিতা চলিছিল সিমানেই নিৰ্ভৰযোগ্য হৈ পৰিছিল গুজৰাটৰ অধিনায়কগৰাকী। নেতৃত্বই তেওঁক দায়িত্বশীল কৰি তুলিছে। চাৰে চাৰিশৰো অধিক ৰান সংগ্ৰহ কৰিছে। লগতে আছে ৫টা উইকেট।
ডেভিড মিলাৰ: তীব্ৰ মানসিক চাপৰ সন্মুখীন হৈও বাৰে বাৰে উজলিছে। আঁজুৰি আনিছে জয়। অথচ, এটা সময়ত দলত তেওঁক বাদ দিয়া হৈছিল। মিডিল অৰ্ডাৰত নামি ৬৪.১৪ গড়ে ৪৪৯ ৰান সংগ্ৰহ কৰে।
ৰছিদ খানঃ বিশ্বমানৰ স্পীনাৰ। তেওঁ এই পৰ্যন্ত ১৮টা উইকেট দখল কৰিছে। ২৩ বছৰীয়া আফগান তাৰকাগৰাকী যিকোনো এটা দলৰে সম্পদ। বেটেৰেও দলক জয় কৰাৰ ক্ষমতা আছে।
জছ বাটলাৰ: তেওঁ ১৬খন মেচত গড়ে ৫৮.৮৫ ৰান কৰি ৮২৪ ৰান সংগ্ৰহ কৰিছে। চাৰিটা শতক আৰু চাৰিটা অৰ্ধশতক আছে। ডেৰশৰ ওপৰত ষ্ট্ৰাইক ৰেট। যোৱা মেচখনতো তেওঁ শতৰান অৰ্জন কৰিছে, যিয়ে তেওঁৰ আত্মবিশ্বাস বৃদ্ধি কৰিব। তেওঁ দলৰ বেটিঙৰ স্তম্ভ।
সঞ্জু চেমছন: পৰিস্থিতি যিয়েই নহওক, টপ গিয়াৰত খেলি ভাল পায়। ৰিস্ক ল’বলৈ কুণ্ঠাবোধ নকৰে। তাৰ পিছতো চাৰে সাতশ ৰান সংগ্ৰহ কৰিছে।
যুজবেন্দ্ৰ চাহালঃ পকেটত ২৬টা উইকেট। বেংগালুৰুৰ হাছাৰাঙ্গাৰ সৈতে যুটীয়াভাৱে সৰ্বোচ্চ উইকেট দখলকাৰী তেওঁ। ৰাজস্থানৰ বলিঙত তেওঁ ট্ৰাম্প কাৰ্ড। বিপক্ষৰ ইনিংছত ব্ৰেক ধৰিবলৈ একেবাৰেই সিদ্ধহস্ত। তেওঁৰ বৈশিষ্ট্য হ’ল লেগস্পীন আৰু গুগলিৰ ভেৰাইটিৰে বেটছমেনক বুৰ্বক বনাব পৰাটো।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|