মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »T20 World Cup: পাকিস্তানৰ হাতত ধৰাশায়ী ভাৰত, ১০ উইকেটত জয়ী পাকিস্তান

T20 World Cup: পাকিস্তানৰ হাতত ধৰাশায়ী ভাৰত, ১০ উইকেটত জয়ী পাকিস্তান

১৭.৫ অভাৰত খেল সমাপ্ত কৰা পাকিস্তানে মহম্মদ স্বামীৰ অভাৰটোত ১৭ ৰান কৰি বিজয়ৰ হাঁহি মাৰে।

১৭.৫ অভাৰত খেল সমাপ্ত কৰা পাকিস্তানে মহম্মদ স্বামীৰ অভাৰটোত ১৭ ৰান কৰি বিজয়ৰ হাঁহি মাৰে।

  • Share this:

বহু প্ৰতীক্ষিত টি–২০ বিশ্বকাপৰ আজিৰ হাইভল্টেজ খেলত পাকিস্তানৰ হাতত ধৰাশায়ী হোৱা দেখা গ'ল ভাৰতীয় দলক। পাকিস্তানৰ বাবৰ আজম আৰু মহম্মদ ৰিজৱানৰ অ'পেনিং যুটিয়ে অকলে শেষ কৰে বিৰাট কোহলি নেতৃত্বাধীন ভাৰতীয় দলে বান্ধি দিয়া ১৫২ ৰানৰ লক্ষ্য।


৭ উইকেটৰ বিনিময়ত ভাৰতীয় দলে ১৫১ ৰান কৰে ২০ অভাৰত। অ'পেনাৰ ৰূপে অহা কে এল ৰাহুলৰ ৩ আৰু ৰোহিত শৰ্মাৰ ০ ৰানে বিপৰ্যয়ৰ মাজলৈ অনা দলটোক কোহলিৰ ৫১, সূৰ্যকুমাৰ যাদ‍ৱৰ ১১, ঋষভ পণ্টৰ ৩৯, ৰবীন্দ্ৰ জাদেজাৰ ১৩, হাৰ্দিক পাণ্ডিয়াৰ ১১, ভুৱনেশ্বৰ কুমাৰৰ ৫ ৰানে এটা স্থিতি উপনীত কৰাইছিল।


কিন্তু পাকিস্তানৰ বাবৰ আজম আৰু ৰিজৱানৰ বেটিং হিটত দিশহাৰা হোৱা দেখা যায় ভাৰতীয় বলাৰক। পাকিস্তানৰ শ্বাহীন আফ্ৰাদীয়ে ৰোহিত, ৰাহুল আৰু কোহলিৰ দৰে ৩ গুৰুত্বপূৰ্ণ উইকেট দখল কৰাৰ লগতে হাছান আলীয়ে ২টা উইকেট লাভ কৰে। আনহাতে আটাইকেইগৰাকী ভাৰতীয় বলাৰক আজি ধৰাশায়ী কৰে পাকিস্তানে।


১৭.৫ অভাৰত খেল সমাপ্ত কৰা পাকিস্তানে মহম্মদ স্বামীৰ অভাৰটোত ১৭ ৰান কৰি খেলৰ সমাপ্তি ঘটায়। খেলখনত ভাৰতীয় দলটোক প্ৰথম অৱস্থাৰ পৰা বিপৰ্যয়ৰ মাজত সোমাই পৰা প্ৰত্যক্ষ কৰাৰ বিপৰীতে পাকিস্তানৰ দলটোৱে আগ্ৰাসী ভূমিকাত অৱতীৰ্ণ হোৱা দেখা গৈছিল।

শেহতীয়া বাতৰি