உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • sports
    • »
    • ICC T20 World Cup, India's Semi Hope : ৰাণ ৰেটৰ অংক, চমৎকাৰৰ আশা, এতিয়া আফগানিস্তানেই শেষ ভৰষা!

    ICC T20 World Cup, India's Semi Hope : ৰাণ ৰেটৰ অংক, চমৎকাৰৰ আশা, এতিয়া আফগানিস্তানেই শেষ ভৰষা!

    ICC T20 World Cup, India's Semi Hope : বন্ধৰ দিনাই খুলিবনে টীম ইণ্ডিয়াৰ ভাগ্যৰ দুৱাৰ! দেওবাৰে নিউজীলেণ্ডৰ বিৰুদ্ধে আফগানিস্তানৰ খেল।

    ICC T20 World Cup, India's Semi Hope : বন্ধৰ দিনাই খুলিবনে টীম ইণ্ডিয়াৰ ভাগ্যৰ দুৱাৰ! দেওবাৰে নিউজীলেণ্ডৰ বিৰুদ্ধে আফগানিস্তানৰ খেল।

    ICC T20 World Cup, India's Semi Hope : বন্ধৰ দিনাই খুলিবনে টীম ইণ্ডিয়াৰ ভাগ্যৰ দুৱাৰ! দেওবাৰে নিউজীলেণ্ডৰ বিৰুদ্ধে আফগানিস্তানৰ খেল।

    • Share this:
    স্কটলেণ্ড (Scotland)ক ৮ উইকেটত পৰাস্ত কৰাৰ পিছত টি-২০ বিশ্বকাপ (ICC T20 World Cup)ৰ ছেমিত প্ৰবেশৰ এক প্ৰায় অসম্ভৱ আশা কৰি আছে ভাৰতে (India's Semi Hope)। ৰাণ ৰেটৰ অংকত আগবাঢ়িবলৈ আজি ভাৰতক স্কটলেণ্ডৰ বিৰুদ্ধে ৪৩টা বলত বিজয় সাব্যস্ত কৰাৰ প্ৰয়োজন আছিল। সেই মতে আশাতীত ভাবে ভাৰতে মাত্ৰ ৩৯টা বলতে বিজয় সাব্যস্ত কৰিলে। ইয়াৰ লগে  লগে আফগানিস্তানতকৈ ভাৰতৰ ৰাণ ৰেট অধিক হয়।

    কিন্তু যিহেতু ভাৰতে ছুপাৰ ১২ৰ ৪খন খেলৰ দুখনতেই পৰাস্ত হৈছে সেয়ে ভাৰতৰ পইণ্ট মাত্ৰ ৪। গ্ৰুপৰ পৰা ইতিমধ্যে পাকিস্তান (Pakistan) ছেমিত প্ৰবেশ কৰিছে। লাইনত আছে শক্তিশালী নিউজীলেণ্ড (Newzealand), আফগানিস্তান (Afghanistan) আৰু ভাৰত। এই মুহূৰ্তত নিউজীলেণ্ডৰ আশাই সৰ্বাধিক, কিয়নো দলটোৰ পইণ্ট ৬ আৰু অন্তিমখন খেল আছে তুলনামূলকভাৱে দুৰ্বল আফগানিস্তানৰ সৈতে।

    সেয়ে এতিয়া নিউজীলেণ্ড আৰু আফগানিস্তান (Newzealand Vs Afghanistan)ৰ মাজৰ  খেলখনতেই এতিয়া ওলমি ৰৈছে ভাৰতৰ ছেমিত (India's Semi Hope) প্ৰবেশৰ শেষ আশা। দেওবাৰে আছে নিউজীলেণ্ডৰ বিৰুদ্ধে আফগানিস্তানৰ খেল। ভাৰতে ছেমিফাইনেলত প্ৰবেশ কৰিবলৈ হ'লে আফগানিস্তানে নিউজীলেণ্ডক পৰাস্ত কৰিব লাগিব। এনে হ'লে নিউজীলেণ্ড আৰু আফগানিস্তানৰ পইণ্ট হ'ব ৬ আৰু ৬। আনহাতে ভাৰতৰ আৰু এখন খেল আছে নামিবিয়া (Namibia)ৰ সৈতে। নামিবিয়াৰ বিৰুদ্ধে ভাৰতে বিজয় সাব্যস্ত কৰিবই লাগিব। তেতিয়া ভাৰতৰো পইণ্ট হ'ব ৬। অৰ্থাৎ ভাৰত, নিউজীলেণ্ড আৰু আফগানিস্তান তিনিওটা দলৰে পইণ্ট হ'ব ৬-৬-৬ । ইয়াৰ পিছতে আহিব ৰাণ ৰেটৰ অংক। যিহেতু এই মুহূৰ্তলৈ গ্ৰুপত ভাৰতৰ ৰাণ ৰেট সকলোতকৈ বেছি সেয়ে ভাৰতৰ ছেমিত প্ৰবেশৰ আশা থাকিব সৰ্বাধিক।

    সকলোৰে আশা দেওবাৰে আফগানিস্তানে যাতে পৰাস্ত কৰিব পাৰে নিউজীলেণ্ডক ! পিছে তেনে হোৱাৰ সংকেত খুউব কম । কিন্তু ক্ৰিকেট যিহেতু হৈছে সৰ্বাধিক অনিশ্চয়তাৰ খেল, সেয়ে দেওবাৰে কি হয় কোনে জানে ! বন্ধৰ দিনাই ছাগে খুলিব পাৰে টীম ইণ্ডিয়াৰ ভাগ্যৰ দুৱাৰ!
    Published by:Manjumoni Borah
    First published: