টি–২০ বিশ্বকাপৰ ফাইনেলত দেখা নাযাব এছিয়াৰ কোনো দেশ। দ্বিতীয়খন ছেমিফাইনেলত অষ্ট্ৰেলিয়াই পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰে। প্ৰথমে বেটিং কৰি পাকিস্তানে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৭৭ ৰানৰ বান্ধি দিয়া লক্ষ্য অষ্ট্ৰেলিয়াই ১৯ অভাৰত পাঁচটা উইকেট হেৰুৱাই পূৰণ কৰে।
দলটোৱে ২০১০ৰ টি–২০ বিশ্বকাপৰ ছেমি ফাইনেলৰ দৰে পাকিস্তানক এইবাৰো পৰাস্ত কৰাত স্বাভাৱিকতে পাকিস্তানত বিৰাজমান হৈছে দুখ। খেলৰ প্ৰদৰ্শন চাই ধাৰণা কৰা হৈছিল যে পাকিস্তানে এই বিশ্বকাপ নিজৰ কৰিব পাৰে। কিন্তু সেয়া নহ'ল। স্বপ্নভংগ হ'ল পাকিস্তানৰো। বাবৰ আজমৰ ৩৯, ৰিজৱানৰ ৬৭, ফখৰ আজমৰ ৫৫ ৰানৰ সহায়ত পাকিস্তানে ১৭৭ ৰান কৰে যদিও অষ্ট্ৰেলিয়াৰ মেথিউ ৱাডেৰ ৪১ ৰান আৰু মাৰ্কাছ ষ্ট'ইনিছৰ ৪০ ৰানৰ সহযোগে অষ্ট্ৰেলিয়াক জয়ৰ দিশত লৈ যায়।
ফিঞ্চ শূন্য ৰানত আউট হোৱাৰ পিছত অষ্ট্ৰেলিয়াৰ বাবে ডেভিড ৱাৰ্নাৰে ৪৯, মাৰ্চে ২৮ৰ বৰঙণি যোগায়। অষ্ট্ৰেলিয়াৰ হৈ ষ্টাৰ্কে ২টা আৰু কামিন্স, জাম্পাই এটাকৈ উইকেট লয়। আনহাতে পাকিস্তানৰ আফ্ৰিদিয়ে এটা আৰু ছাহাদাব খানে ৪টাকৈ উইকেট লয়। খেলখনত পাকিস্তানৰ বেটিং আৰু বলিঙে আশা দেখুৱাইছিল যদিও অষ্ট্ৰেলিয়াৰ ৱাডে আৰু ষ্ট'ইনিছে সেই আশা নিৰাশাত পৰিণত কৰে।
এতিয়া বিশ্বকাপৰ শেষ মহাৰণ নিউজিলেণ্ড আৰু অষ্ট্ৰেলিয়াৰ মাজত দেওবাৰে অনুষ্ঠিত হ'ব।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|