ভাৰতীয় ক্ৰিকেট দলে আজি টি-২০ বিশ্বকাপ ২০২২ৰ দ্বিতীয়খন খেলত প্ৰৱেশ কৰিছে। পাকিস্তানক পৰাস্ত কৰাৰ পিছত এইবাৰ ৰোহিত শৰ্মা নেতৃত্বাধীন দলৰ সন্মুখত নেদাৰলেণ্ড তুলনামূলকভাৱে দুৰ্বল দল। কিন্তু বিশ্বকাপৰ মূল পৰ্যায়ত কোনো দলক দুৰ্বল বুলি ভাবিবলৈ ইচ্ছুক নহয় ভাৰতীয় দলটো। গতিকে টীম ইণ্ডিয়াই নিজৰ শ্ৰেষ্ঠ একাদশক লৈ যুঁজি আছে নেডাৰলেণ্ডৰ বিৰুদ্ধে।
ইয়াৰ পূৰ্বে ভাৰত আৰু নেদাৰলেণ্ডে টি-২০ ক্ৰিকেটত কেতিয়াও মুখামুখি হোৱা নাছিল। আজি প্ৰথমবাৰৰ বাবে টি-২০ বিশ্বকাপৰ মঞ্চত মুখামুখি হৈছে দুয়োখন দেশ। অৱশ্যে এদিনীয়া ক্ৰিকেটত দুবাৰকৈ মুখামুখি হৈছে ভাৰত আৰু নেদাৰলেণ্ড। দুয়োখন মেচতে সহজেই জয়ী হৈছিল টীম ইণ্ডিয়া। ইয়াৰে এটা জয় আছিল ২০০৩ চনৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপত।
আজি চলি থকা খেলখনত নেদাৰলেণ্ডৰ বিৰুদ্ধে বিৰাট কোহলী, ৰোহিত শৰ্মা আৰু সূৰ্যকুমাৰ যাদৱে অৰ্ধশতক কৰি ২০ অভাৰত ভাৰতক ১৭৯/২ ৰাণ অৰ্জনত সহায় কৰে। কোহলীয়ে ৪৪ বলত ৬২* ৰাণ কৰি শীৰ্ষস্থান দখল কৰাৰ বিপৰীতে সূৰ্য্যকুমাৰৰ আক্ৰমণাত্মক শ্ৰেষ্ঠতম অৱস্থাত আছিল, ২৫ বলত অপৰাজিত ৫১ ৰাণ সংগ্ৰহ কৰে। লগতে ৰোহিত শৰ্মাই ৩৯ টা বলত ৫৩ ৰাণ সংগ্ৰহ কৰে।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|