• Home
  • »
  • News
  • »
  • sports
  • »
  • T20 World Cup: অচিৰেই টীম ইণ্ডিয়াৰ পুনৰ ঘোষণা ! ৪ নতুন খেলুৱৈয়ে সুযোগ পোৱাৰ সম্ভাৱনা, ওলমি ৰৈছে হাৰ্দিক পাণ্ডিয়া!

T20 World Cup: অচিৰেই টীম ইণ্ডিয়াৰ পুনৰ ঘোষণা ! ৪ নতুন খেলুৱৈয়ে সুযোগ পোৱাৰ সম্ভাৱনা, ওলমি ৰৈছে হাৰ্দিক পাণ্ডিয়া!

টীম ইণ্ডিয়া

টীম ইণ্ডিয়া

T20 World Cup: ১৩ অক্টোবৰত টি-২০ বিশ্বকাপৰ বাবে টীম ইণ্ডিয়া (Team India) নতুনকৈ ঘোষণা কৰাৰ সম্ভাৱনা আছে। ৩ ৰ পৰা ৪ জন খেলুৱৈক দলটোত অন্তৰ্ভূক্ত কৰিব পাৰে। দলটোৰ জাৰ্চিও কাইলৈ মুকলি কৰাৰ কথা আছে। বিচিচিআইয়ে একে সময়তে দলটোও ঘোষণা কৰিব পাৰে।

  • Share this:
টি-২০ বিশ্বকাপৰ (T20 World Cup) বাবে টীম ইণ্ডিয়া (Team India) ঘোষণা কৰা হৈ গৈছে। কিন্তু আই পি এল ২০২১ (IPL 2021)ত কেইবাজনো খেলুৱৈয়ে সুন্দৰ প্ৰদৰ্শন কৰিছে। এনে পৰিস্থিতিত, কিছু নতুন খেলুৱৈক দলত স্থান দিয়াৰ সম্ভাৱনাক লৈ চিন্তা চৰ্চা চলিছে টীম ইণ্ডিয়াত। বিচিচিআইয়ে (BCCI) ইতিমধ্যে ঘোষণা কৰিছে যে দলটোৰ জাৰ্চি ১৩ অক্টোবৰত মুকলি কৰা হ'ব। একে সময়তে, নতুন খেলুৱৈৰ এখন তালিকাও প্ৰকাশ কৰিব পাৰে হিচিচিআইয়ে। টি-২০ বিশ্বকাপ ১৭ অক্টোবৰৰ পৰা আৰম্ভ হ'ব। টীম ইণ্ডিয়াই ২৪ অক্টোবৰত পাকিস্তানৰ বিৰুদ্ধে প্ৰথমখন খেল খেলিব।

স্পোৰ্টছ টকৰ বাতৰিমতে ১৩ অক্টোবৰত পুনৰ টীম ইণ্ডিয়াৰ ঘোষণা কৰা হ'ব পাৰে। দলটোত সৰ্বাধিক ২২ জন খেলুৱৈ ৰাখিব পাৰি। উমৰাণ মালিক, আবেশ খান আৰু ভেঙ্কটেশ আয়াৰে ইতিমধ্যে দলত স্থান পাইছে বুলি জানিব পৰা গৈছে। RCBৰ পেচাৰ হৰ্ষল পেটেলক চতুৰ্থ জন খেলুৱৈ হিচাপে দলটোৰ সৈতে সংযুক্ত কৰিব পাৰি। তেওঁ এতিয়ালৈকে আই পি এলত সৰ্বাধিক ৩২ টা উইকেট দখল কৰিছে। তেওঁ আই পি এল হেট্ৰিকো লৈছে।

হাৰ্দিক পাণ্ডিয়াৰ কি হ'ব?

আই পি এল ২০২১ত হাৰ্দিক পাণ্ডিয়াই বলিং কৰা নাছিল ৷ পাণ্ডিয়াৰ ফিটনেছ সম্পৰ্কেও এতিয়ালৈকে নিৰ্বাচক আৰু পৰিষদে ছবিখন পৰিষ্কাৰ কৰা নাই ৷ বলিঙৰ বাবে উপযুক্ত নহ'লে দলৰ সংমিশ্ৰণত বিৰাট কোহলীিৰ বাবে সমস্যা হ'ব পাৰে। পাণ্ডিয়ায়ো আই পি এলত বেটছমেন হিচাপে ভাল খেলিব নোৱাৰিলে। ভেঙ্কটেশ আয়াৰক তেওঁৰ কাভাৰ হিচাপে ৰখাৰ সম্ভাৱনা আছে।

টি-২০ বিশ্বকাপৰ বাবে ভাৰতীয় দল

বিৰাট কোহলি (অধিনায়ক), ৰোহিত শৰ্মা, কে এল ৰাহুল, সূৰ্যকুমাৰ যাদৱ, ঋষভ পণ্ট, ঈশান কিষাণ, হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, ৰাহুল চাহাৰ, আৰ অশ্বিন, অক্ষৰ পেটেল, বৰুণ চক্ৰৱৰ্তী, যশপ্ৰীত বুমৰাহ, ভুৱনেশ্বৰ কুমাৰ আৰু মহম্মদ ছামী।

ৰিজাৰ্ভ খেলুৱৈ: শ্ৰেয়াছ আয়াৰ, দীপক চাহাৰ, শাৰ্দুল ঠাকুৰ

মেণ্টৰ : মহেন্দ্ৰ সিং ধোনী
Published by:Manjumoni Borah
First published: