• Home
  • »
  • News
  • »
  • sports
  • »
  • Ravi Shastri : 'পিছফালে পেট্ৰ'ল ঢালি দৌৰাব নোৱাৰি খেলুৱৈক', টীম ইণ্ডিয়াৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ ক্ষোভ, T20 World Cupত পৰাজয়ৰ বাবে জগৰীয়া কৰিলে IPLক

Ravi Shastri : 'পিছফালে পেট্ৰ'ল ঢালি দৌৰাব নোৱাৰি খেলুৱৈক', টীম ইণ্ডিয়াৰ প্ৰশিক্ষক ৰবি শাস্ত্ৰীৰ ক্ষোভ, T20 World Cupত পৰাজয়ৰ বাবে জগৰীয়া কৰিলে IPLক

"ছয় মাহলৈ বায়' বাবলত থকাটো সহজ কথা নহয়। খোলুৱৈসকলক পেট্ৰ'ল ঢালি দৌৰাব নোৱাৰি। কোৰোণাৰ কথাটো আইচিচিৰ পৰা আৰম্ভ কৰি সকলো বোৰ্ডেই চিন্তা কৰিব লাগিব।"

"ছয় মাহলৈ বায়' বাবলত থকাটো সহজ কথা নহয়। খোলুৱৈসকলক পেট্ৰ'ল ঢালি দৌৰাব নোৱাৰি। কোৰোণাৰ কথাটো আইচিচিৰ পৰা আৰম্ভ কৰি সকলো বোৰ্ডেই চিন্তা কৰিব লাগিব।"

"ছয় মাহলৈ বায়' বাবলত থকাটো সহজ কথা নহয়। খোলুৱৈসকলক পেট্ৰ'ল ঢালি দৌৰাব নোৱাৰি। কোৰোণাৰ কথাটো আইচিচিৰ পৰা আৰম্ভ কৰি সকলো বোৰ্ডেই চিন্তা কৰিব লাগিব।"

  • Share this:
টীম ইণ্ডিয়াৰ প্ৰশিক্ষক হিচাপে টি-২০ বিশ্বকাপ (T20 World Cup 2021)ত  অন্তিম খেলৰ সময়তে ৰবি শাস্ত্ৰী (Ravi Shastri)য়ে ভাৰতৰ শোচনীয় প্ৰদৰ্শনক লৈ মুখ খুলিলে।  ইতিমধ্যে বিশ্বকাপৰ পৰা বিদায় মাগিছে টীম ইণ্ডিয়া (Team India)ই। শাস্ত্ৰীয়ে কয় যে যোৱা ৬ মাহ ধৰি বায়ো বাবলত থকা কাৰণে আৰু T20 World Cup আৰু IPLৰ মাজত পৰ্যাপ্ত ব্যৱধান নথকা বাবে বিশ্বকাপত ভাৰতীয় দলে উন্নত প্ৰদৰ্শন কৰিব নোৱাৰিলে। উল্লেখ্য যে ২০১২ৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতে ছেমিফাইনেলৰ পূৰ্বে বিদায় লৈছে T20 বিশ্বকাপৰ পৰা।

ষ্টাৰ স্পৰ্টছৰ সৈতে হোৱ কথা-বতৰাত ৰবি  শাস্ত্ৰীয়ে কয়, "ছয় মাহলৈ বায়' বাবলত থকাটো সহজ কথা নহয়। খোলুৱৈসকলক পেট্ৰ'ল ঢালি দৌৰাব নোৱাৰি। কোৰোণাৰ কথাটো আইচিচিৰ পৰা আৰম্ভ কৰি সকলো বোৰ্ডেই চিন্তা কৰিব লাগিব।  খেলুৱৈসকল মানসিক ভাৱে প্ৰভাৱিত হৈছে। যদি এনেকৈয়ে চলি থাকে তেনেহ'লেখেলুৱৈসকলে নিজেই নেখেলাৰ সিদ্ধান্ত ল'ব পাৰে। মই খেলুৱৈসকলৰ প্ৰদৰ্শনক লৈ নিৰাশ নহয়।"

ৰবি শাস্ত্ৰীয়ে কয় যে যোৱা ৫ বছৰত এই দলটোৱে বিশ্বৰ সকলো ঠাইতে বিজয় সাব্যস্ত কৰিছে। অষ্ট্ৰেলিয়াত দুটা টেষ্ট শৃংখলা জয় কৰাৰ লগতে ইংলেণ্ডত ২-১ৰ অগ্ৰগতি লৈছিল।  তদুপৰি সীমিত অভাৰৰ ক্ৰিকেটতো দলটোৱে ৱেষ্ট ইণ্ডিজ, শ্ৰী লংকা, দক্ষিণ আফ্ৰিকা, ইংলেণ্ড আৰু নিউজীলেণ্ডত জয়ী হৈছে। অবশ্যে শাস্ত্ৰীৰ অধীনত টীম ইণ্ডিয়াই টি২০ বিশ্বকাপ জয় কৰিব নোৱাৰিলে। ইতিমধ্যে ৰবি শাস্ত্ৰীৰ ঠাইত ৰাহুল দ্ৰাৱিড়ক টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হিচাপে নিয়োগ কৰা হৈছে। ১৭ নৱেম্বৰৰ পৰা মিউজীলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ পৰা আৰম্ভ হ'ব দ্ৰাৱিড়ৰ কাৰ্যকাল।
Published by:Manjumoni Borah
First published: