
টী টুৱেণ্টী বিশ্বকাপৰ এখন গুৰুত্বপূৰ্ণ খেলত ভাৰতে বাংলাদেশক গুৰুত্বপূৰ্ণ ২ পইণ্ট অৰ্জন কৰাৰ লগতে গ্ৰুপৰ পইণ্ট তালিকাত শীৰ্ষত উপনীত হৈছে।
টী টুৱেণ্টী বিশ্বকাপৰ এখন গুৰুত্বপূৰ্ণ খেলত ভাৰতে বাংলাদেশক গুৰুত্বপূৰ্ণ ২ পইণ্ট অৰ্জন কৰাৰ লগতে গ্ৰুপৰ পইণ্ট তালিকাত শীৰ্ষত উপনীত হৈছে।
টী টুৱেণ্টী বিশ্বকাপৰ এখন গুৰুত্বপূৰ্ণ খেলত ভাৰতে বাংলাদেশক ৫ৰানত পৰাস্ত কৰি গুৰুত্বপূৰ্ণ ২ পইণ্ট অৰ্জন কৰাৰ লগতে গ্ৰুপৰ পইণ্ট তালিকাত শীৰ্ষত উপনীত হৈছে।
বৰষুণৰ বাবে বহু সময় ধৰি বন্ধ হৈ আছিল ভাৰত বাংলাদেশৰ মাজৰ টি টুৱেণ্টী বিশ্বকাপৰ এই গুৰুত্বপূৰ্ণ খেলখন। প্ৰথমে বেট ধৰি ভাৰতে ২০ অভাৰত ১৮৪ ৰান সংগ্ৰহ কৰে। বিৰাট কোহলী আৰু কে এল ৰাহুলে দলৰ হৈ গুৰুত্বপূৰ্ণ ইনিংছ খেলে। প্ৰত্যুত্তৰত ১৮৫ ৰানৰ লক্ষ্য আগত লৈ বিস্ফোৰক আৰম্ভণি কৰে বাংলাদেশে। দলটোৱে ৭ অভাৰত কোনো উইকেট নেহেৰুৱাকৈ ৬৬ ৰান সংগ্ৰহ কৰা সময়তে বৰষুণ আহে। বৰষুণৰ পিছত খেলখন পুনৰ আৰম্ভ হয়। খেলখন ১৬ অভাৰলৈ হ্ৰাস কৰা হয়। বাংলাদেশৰ সন্মুখত ১৫১ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয়। কিন্তু বৰষুণৰ পিছতে বেটিং আৰম্ভ কৰি বাংলাদেশে বেটিং বিপৰ্যয়ৰ সন্মুখীন হয় আৰু ইটোৰ পিছত সিটো উইকেট হেৰুৱায়। নিৰ্ধাৰিত ১৬ অভাৰত বাংলাদেশে ৬টা উইকেট হেৰুৱায় ১৪৫ ৰানহে কৰিবলৈ সক্ষম হয়।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|