অৱশেষত শেষ হাঁহি মাৰিলে অষ্ট্ৰেলিয়াই। টি-২০ বিশ্বকাপৰ খিতাপ নিজৰ কৰিলে অষ্ট্ৰেলিয়াই। দলটোৱে আজি ফাইনেলত বিশেষ চাপ অবিহনে নিউজিলেণ্ডক ৮ উইকেটত পৰাস্ত কৰে।
প্ৰথমবাৰৰ বাবে টি–২০ বিশ্বকাপ প্ৰতিযোগিতাৰ খিতাপ দখল কৰে অষ্ট্ৰেলিয়াই। খেলখনত নিউজিলেণ্ডে প্ৰথম ইনিংছত ৪ উইকেটত ১৭২ ৰান সংগ্ৰহ কৰে। কেন উইলিয়ামছনে ৮৫ ৰানৰ বৰঙণি যোগায়। ইয়াৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই ১৮.৫ অভাৰতে ২ উইকেটত লক্ষ্য অৰ্জন কৰে।
মিচেল মাৰ্শে ৭৭ ৰানৰ সুন্দৰ ইনিংছ খেলে। ডেভিড ৱাৰ্নাৰেও ৫৩ ৰান সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়া টি-২০ বিশ্বকাপ জয় কৰা ষষ্ঠখন দেশ। ইয়াৰ পূৰ্বে ৱেষ্ট ইণ্ডিজ, ভাৰত, পাকিস্তান, ইংলেণ্ড আৰু শ্ৰীলংকাই খিতাপ দখল কৰিছিল। লক্ষ্যত উপনীত হ'লেও অষ্ট্ৰেলিয়াই আৰম্ভণিতে অধিনায়ক এৰন ফিঞ্চৰ উইকেট হেৰুৱাই শংকাৰ মাজত পৰিছিল।
ট্ৰেণ্ট ব'ল্টে মাত্ৰ ৫ ৰানত আউট কৰে ফিন্সক। কিন্তু মিচেল মাৰ্শ আৰু ডেভিদ ৱাৰ্নাৰে ৯২ ৰানৰ যুটিৰে বিজয়ৰ ভেটি স্থাপন কৰে। গ্লেন মেক্সৱেলও ২৮ ৰানত অপৰাজিত থাকে। আনহাতে টছত পৰাজিত হৈ প্ৰথমে বেটিং কৰা নিউজিলেণ্ডে ভাল আৰম্ভণি কৰিব নোৱাৰিলে। ডেৰিল মিচেলক (১১) পেচাৰ জোছ হেজলউডে আউট কৰাৰ লগতে মাৰ্টিন গুপ্টিলো ২৮ ৰানত আউট হয়।
অধিনায়ক কেন উইলিয়ামছনৰ ব্যক্তিগত ৮৫ ৰানৰ সহায়ত এটা যুঁজ দিব পৰা স্ক'ৰত উপনীত হয় নিউজিলেণ্ড। কিন্তু অষ্ট্ৰেলিয়াই এয়া নিষ্ফল প্ৰতিপন্ন কৰি জয় সাব্যস্ত কৰে। পেচাৰ জোছ হেজলউডে অষ্ট্ৰেলিয়াৰ হৈ ভাল প্ৰদৰ্শন কৰিছিল। তেওঁ ৪ অভাৰত মাত্ৰ ১৬ ৰান দি ৩টা উইকেটও লয়। আনহাতে, নিউজিলেণ্ডৰ ট্ৰেণ্ট বোল্টে ২টা উইকেট দখল কৰে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|