বৰ্তমানৰ টি-২০ বিশ্বকাপত ভাৰত-পাকিস্তানৰ মাজত আৰু কিমানবাৰ খেল হ'ব? উত্তৰটো হ’ল, মাত্ৰ এবাৰ। সেইটোও ফাইনেলত। কাৰণ তাৰ আগতে একেটা গ্ৰুপৰ দুয়োটা দলে ইটোৱে সিটোৰ বিৰুদ্ধে খেলাৰ সম্ভাৱনা নাই। কিন্তু ভাৰত-পাকিস্তানৰ পুনৰ খেল হ’লে কোন জয়ী হ’ব?
টি-২০ বিশ্বকাপ ২০২২ত পুনৰ ভাৰত-পাকিস্তানৰ মাজত এক ৰোমাঞ্চকৰ খেলৰ সাক্ষী হোৱাৰ সম্ভাৱনা আছে। ২০২২ চনৰ বিশ্বকাপ টি-২০ ফাইনেলত ভাৰত-পাকিস্তান মুখামুখি হ’লে কোন জয়ী হ’ব সেয়া এতিয়া ভৱিষ্যতবাণী কৰিছে দুয়োখন দেশৰ প্ৰাক্তন ক্ৰিকেটাৰসকলে!
ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে ভৱিষ্যতবাণী কৰিছে যে পৰৱৰ্তী ভাৰত-পাকিস্তানৰ খেলত কোন জয়ী হ’ব! টি-২০ বিশ্বকাপ ২০২২ত ভাৰত আৰু পাকিস্তানৰ মাজত খিতাপৰ যুঁজৰ আশাত ৰবি শাস্ত্ৰীয়ে এটা ডাঙৰ ভৱিষ্যতবাণী কৰিছে।
ৰবি শাস্ত্ৰীয়ে কয় যে ২০২২ চনৰ টি-২০ বিশ্বকাপৰ অন্তিমখন খেলত ভাৰত আৰু পাকিস্তান মুখামুখি হ’ব পাৰে। ৰবি শাস্ত্ৰীয়ে কয় যে যদি ভাৰতীয় দলটোৱে টি-২০ বিশ্বকাপ ২০২২ৰ ফাইনেলত পাকিস্তানৰ মুখামুখি হয় তেন্তে ৰোহিত শৰ্মা নেতৃত্বাধীন টীম ইণ্ডিয়াই পুনৰবাৰ জয়ী হ’ব পাৰে।
ৰবি শাস্ত্ৰীয়ে লগতে কয়, "আমি ১৯৮৫ চনত মেলবৰ্ণত পাকিস্তানৰ বিৰুদ্ধে বিশ্ব চেম্পিয়নশ্বিপৰ প্ৰথমখন মেচ খেলিছিলো। আমি সেই মেচখনত জয়ী হৈছিলো। ২০২২ চনৰ বিশ্বকাপ টি-২০ ফাইনেলত যদি ভাৰত আৰু পাকিস্তান পুনৰ মুখামুখি হয় তেন্তে আমি তেওঁলোকক পৰাস্ত কৰিম।" প্ৰসংগক্ৰমে প্ৰথমখন মেচত পাকিস্তানক পৰাস্ত কৰি টীম ইণ্ডিয়াই টি-২০ বিশ্বকাপ ২০২২ ত প্ৰতিযোগিতাখনৰ ভাল আৰম্ভণি কৰিছিল।
আজিৰ দিনটোতে নেদাৰলেণ্ডৰ বিৰুদ্ধে জয়লাভ কৰি ভাৰতে চলিত টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশৰ পথ মুকলি কৰিছে। ইয়াৰ পিছতে ভাৰতীয় দলটোৱে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিব। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলখনত টীম ইণ্ডিয়া পৰাজিত হ’লেও ইয়াৰ বিশেষ প্ৰভাৱ নপৰে। কিন্তু টীম ইণ্ডিয়া যিদৰে ফৰ্মত আছে দক্ষিণ আফ্ৰিকাও পৰাস্ত হ'ব পাৰে বুলি অনুমান কৰিব পৰা যায়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|