আজি মেলবৰ্ণ ক্ৰিকেট ষ্টেডিয়ামত পাকিস্তান আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হৈছে টী-২০ বিশ্বকাপৰ চূড়ান্ত খেলখন। ইংলেণ্ডে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়।
প্ৰথমে বেটিং কৰি পাকিস্তানে ২০ অভাৰত ৮ উইকেটত ১৩৭ ৰাণ সংগ্ৰহ কৰে। ছেমি ফাইনেলত পাকিস্তানে নিউজিলেণ্ডক পৰাস্ত কৰাৰ বিপৰীতে ইংলেণ্ডে ভাৰতক পৰাস্ত কৰি চূড়ান্ত প্ৰতিযোগিতাখনত মুখামুখি হয়। দুয়োটা দলে দ্বিতীয়বাৰৰ বাবে চেম্পিয়ন হোৱাৰ বাবে আশা কৰিছে।
২০০৯ চনত পাকিস্তানে টী-২০ বিশ্বকাপ জয় কৰাৰ বিপৰীতে ইংলেণ্ডে ইয়াৰ ঠিক এবছৰৰ পিছত অৰ্থাৎ ২০১০ চনত এই কৃতিত্ব অৰ্জন কৰিছিল। ইংলেণ্ডক পৰাস্ত কৰিবলৈ হ’লে পাকিস্তানে নিজৰ সকলো শক্তি প্ৰয়োগ কৰিব লাগিব, কাৰণ এতিয়ালৈকে দুয়োটা দলে টী-২০ বিশ্বকাপত দুবাৰকৈ মুখামুখি হৈছে, য’ত পাকিস্তানে দুয়োবাৰেই পৰাস্ত হৈছে।
Published by:Subham Goswami
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|