উচ্চতম ন্যায়ালয়ে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (BCCI) সভাপতি সৌৰভ গাংগুলী আৰু সম্পাদক জয় শ্বাহৰ কাৰ্যকাল বৃদ্ধিৰ ওপৰত শুনানি গ্ৰহণেৰে নিজৰ ৰায় প্ৰদান কৰে। সৰ্বোচ্চ ন্যায়ালয়খনে BCCIৰ কাৰ্যকাল বৃদ্ধি সম্পৰ্কীয় সাংবিধানিক সংশোধনীত অনুমোদন জনাইছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ সভাপতি সৌৰভ গাংগুলী আৰু সচিব জয় শ্বাহ তেওঁলোকৰ পদত অধিষ্ঠিত থাকিব।
মন কৰিবলগীয়া কথা যে, BCCIয়ে ইয়াৰ নতুন সংবিধান সংশোধনৰ অনুমতি বিচাৰি সভাপতি সৌৰভ গাংগুলী আৰু সচিব জয় শ্বাহে কাৰ্যকাল বৃদ্ধিৰ বাবে আৱেদন দাখিল কৰিছিল। এই আৱেদনৰ কাৰণ হৈছে BCCIৰ প্ৰশাসকসকলৰ বাবে থকা নিৰ্ধাৰিত তিনি বছৰৰ কুলিং-অফ ম্যাদৰ ব্যৱস্থা বাতিল কৰা হয়।
উচ্চতম ন্যায়ালয়ে প্ৰশাসকসকলৰ কুলিং-অফ সময় সম্পৰ্কে এটা নতুন প্ৰণালী সৃষ্টি কৰাৰ প্ৰস্তাৱ দিয়ে। যিকোনো সদস্যই একেৰাহে দুটা কাৰ্যকালৰ বাবে ৰাজ্যিক পৰিষদ বা BCCIত থাকিব পাৰে, কিন্তু তাৰ পিছত কুলিং-অফৰ ম্যাদ অনুসৰণ কৰিব লাগিব। আদালতে লগতে এইটোও কয় যে কোনো সদস্য ৩ বছৰৰ বাবে একেৰাহে দুবাৰকৈ নিৰ্বাচিত হোৱাত কোনো আপত্তি নাই।
সৌৰভ গাংগুলী ২০১৯ চনৰ পৰা BCCIৰ সভাপতি আছিল। তেওঁৰ কাৰ্যকাল এই বছৰ শেষ হ'ব। ২০২০ চনত ক'ৰোনা মহামাৰীৰ বাবে BCCIৰ সভাপতি পদৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা নগ'ল, যাৰ বাবে সৌৰভ গাংগুলীৰ কাৰ্যকাল আৰু এবছৰৰ বাবে বৃদ্ধি কৰা হৈছিল।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|