ভাৰতবৰ্ষৰ তাৰকা বক্সাৰ অসমৰ লাভলীনা বৰগোহাঁয়ে অৱশেষত স্পৰ্শ কৰিলে সন্মানীয় পদক অৰ্জুন বঁটা। জাতিৰ গৌৰৱ লাভলীনা বৰগোহাঁয়ে বিশ্ব বক্সিং আৰু কমনৱেলথ গেমছত দেখুৱা পাৰদৰ্শিতাৰ বাবে ২০২০ চনত কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া মন্ত্ৰালয়ৰ পৰা লাভ কৰিছিল খেলৰ সন্মানীয় অৰ্জুন বঁটা।
সেই সময়ত পাতিয়ালাত থকা লাভলীনাই ক'ভিডৰ বাবে ভিডিঅ' কনফাৰেন্সত থাকিয়েই দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা গ্ৰহণ কৰিছিল অৰ্জুন বঁটা।
পৰৱৰ্তী সময়ত ক'ভিড পৰিস্থিতি তুলনামূলকভাৱে কিছু উন্নত হোৱাত সোমবাৰে দেশৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী অনুৰাগ ঠাকুৰৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰে তেওঁ। অৰ্জুন বঁটা বিজয়ী অসমৰ ষষ্ঠগৰাকী খেলুৱৈ লাভলীনা বৰগোঁহায়ে এবছৰৰ মূৰত এই সন্মানীয় বঁটা চুবলৈ পাই উৎফুল্লিত অনুভৱ কৰে।
Really very happy to receive the Arjuna award memento today 🥳🥳 pic.twitter.com/BglSl0CY1L
— Lovlina Borgohain (@LovlinaBorgohai) November 1, 2021
উল্লেখযোগ্য যে টকিঅ' অলিম্পিকৰ পদকেৰে ভাৰতবৰ্ষক গৌৰৱান্বিত কৰা লাভলীনা বৰগোহাঁইৰ নাম বিগত সপ্তাহত দেশৰ খেলৰ সৰ্বোচ্চ সন্মান মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটাৰ বাবে জুৰী কমিটীয়ে অনুমোদন কৰিছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|