শনিবাৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো পালন কৰা হয় বিশ্ব ক্ৰীড়া সাংবাদিক দিৱস। অসমত থকা তিনিওটা ক্ৰীড়া সাংবাদিক সংগঠনে দিনজোৰা কাৰ্যসূচীৰে পালন কৰে ক্ৰীড়া সাংবাদিকৰ বিশেষ দিনটো।
অসম ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট এছোচিয়েচনেও পালন কৰে বিশ্ব ক্ৰীড়া সাংবাদিক দিৱস (World Sports Journalist Day 2022)। অসম ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা আৰু অসম ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট সন্থাই দিছপুৰ প্ৰেছ ক্লাৱত যুটীয়াভাৱে পালন কৰে বিশেষ দিনটো।
অসম ক্ৰীড়া সাংবাদিক কল্যাণ সন্থা আৰু অসম ইলেক্ট্ৰনিক মিডিয়া স্পৰ্টছ জাৰ্ণেলিষ্ট সন্থাই অসমৰ ৰোৱিঙৰ প্ৰতিভাৱান খেলুৱৈক সম্বৰ্ধনা জনায়। একেটা অনুষ্ঠানতে অসম ফুটবল সন্থাৰ সাধাৰণ সম্পাদক হেমেন্দ্ৰ নাথ ব্ৰহ্মক সম্বৰ্ধনা জনায়।
অসম ক্ৰীড়া সাংবাদিক কল্যাণ সন্থাৰ মুখ্য উপদেষ্টা উদয় বৰগোহাঁই, সভাপতি পুলিন সাহা, হিলদূল গগৈ, কুমুদ তালুকদাৰ, পৱিত্ৰ গগৈ আৰু ইলেক্ট্ৰনিক মিডিয়াৰ সভাপতি জয়ন্ত দাস, সাধাৰণ সম্পাদক বিপুল বৰ্মন, যুটীয়া সম্পাদক ধীৰাজ হাজৰিকা আৰু কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আজাদ গগৈয়ে সকলো সাংবাদিককে অভিনন্দন জনায়।
অসম ক্ৰীড়া সাংবাদিক সন্থায়ো শনিবাৰে অসমৰ ক্ৰীড়া সাংবাদিকৰ সৈতে জড়িত প্ৰয়াত সাংবাদিকৰ পৰিয়ালৰ লোকক সম্বৰ্ধনা জনায়। অসম ক্ৰীড়া সাংবাদিক সন্থাৰ অনুষ্ঠানত প্ৰেমধৰ শৰ্মা, ধীৰেন চক্ৰৱৰ্তী, বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী আৰু সুবোধ মল্ল বৰুৱা উপস্থিত আছিল। প্ৰেছ ক্লাব অৱ আছাম আৰু অসমীয়া ক্ৰীড়াংগণেও পালন কৰে সাংবাদিকৰ বিশেষ দিনটো।
Published by: Gautam Barman
FIRST PUBLISHED : July 02, 2022, 23:13 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।