অসমৰ এগৰাকী বিশিষ্ট ক্ৰীড়া সাংবাদিক তথা News18 অসম নৰ্থ-ইষ্টৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ গুৰুদায়িত্ব অৰ্পণ কৰা হৈছে। জানিব পৰা মতে, সাংবাদিকগৰাকীক আগন্তুক ২৯ ছেপ্তেম্বৰৰ পৰা ১২ অক্টোবৰলৈকে গুজৰাটত অনুষ্ঠিত হ'বলগীয়া ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ অসম দলৰ ডেপুটী চীফ দ্য মিছনৰ দায়িত্ব দিয়া হৈছে। বিগত বহুবছৰ ধৰি ফিফা বিশ্বকাপকে আদি কৰি বিভিন্ন ঠাইত আয়োজিত বহুকেইখন আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণৰ ব্যাপক অভিজ্ঞতাৰে পৰিপুষ্ট সাংবাদিকজনক এই দায়িত্ব প্ৰদানত ৰাজ্যৰ ক্ৰীড়াবিদসকলৰ তথা ক্ৰীড়া সংগঠকসকল আনন্দিত হৈছে।
উল্লেখ্য যে, দেশৰ আটাইতকৈ সন্মানীয় বহু-অনুশাসন ক্ৰীড়া প্ৰতিযোগিতাখন সাত বছৰৰ ব্যৱধানৰ পিছত এই বৰ্ষত অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বৰ সংস্কৰণটো ২০১৫ চনত কেৰালাত অনুষ্ঠিত হৈছিল। এই বৰ্ষৰ ৰাষ্ট্ৰীয় ক্ৰীড়াৰ খেলসমূহ গুজৰাটৰ ৬ খন চহৰ ক্ৰমে আহমেদাবাদ, গান্ধীনগৰ, চুৰাট, বদোদৰা, ৰাজকোট আৰু ভাৱনগৰত অনুষ্ঠিত হ'ব। তথ্য অনুসৰি, আনুমানিক ৮,০০০ জন খেলুৱৈয়ে ৩৬ টা ক্ৰীড়া শাখাত অংশগ্ৰহণ কৰিব য'ত বেছিভাগ পৰম্পৰাগত অলিম্পিক ক্ৰীড়া অন্তৰ্ভুক্ত আছে। দিল্লীৰ ভেলোড্ৰমত কেৱল চাইকেল চলোৱা (ট্ৰেক) অনুষ্ঠান আয়োজন কৰা হ'ব।
মন কৰিবলগীয়া কথা যে, প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়াত মললাখাম্ব আৰু যোগাসনৰ দৰে থলুৱা ক্ৰীড়া প্ৰতিযোগিতাও অনুষ্ঠিত হ'ব।
এইখিনিতেই উল্লেখনীয় যে, ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ এন্থেম আৰু মেস্কট গুজৰাটৰ এক অনুষ্ঠানত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে উন্মোচন কৰিছিল। দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ তথা গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পাটিলৰ লগতে আন বহুতো গণ্য মান্য ব্যক্তি উপস্থিত থকা অনুষ্ঠানটোত এক কাষ্টম-কিউৰেটেড ৱেবছাইট আৰু ম'বাইল এপ্লিকেচনো উন্মোচন কৰা হয় যি দেশৰ আটাইতকৈ ডাঙৰ ক্ৰীড়া প্ৰদৰ্শনৰ আৰম্ভণি চিহ্নিত কৰিছে।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|