সৌৰভ গাংগুলীৰ বায়’পিক ছবি নিৰ্মাণ হ’ব নে নহয়? এই সিদ্ধান্তত আজি গাংগুলীয়ে নিজেই লগাব মোহৰ। কেইবাখনো ব্লকব্লাষ্টাৰ ছবি নিৰ্মাণ কৰা প্ৰডাকশ্যন হাউছ Luv Films–এ এই বায়’পিক ছবিখনৰ প্ৰযোজনা কৰিব। মঙলবাৰে (২৪ জানুৱাৰী) সৌৰভ গাংগুলীয়ে ছবিখনৰ স্ক্ৰীণপ্লে’ নিশ্চিত কৰিব।
প্ৰাক্তন বিচিচিআই অধ্যক্ষগৰাকীয়ে ছবিখনৰ স্ক্ৰীণপ্লে’ চূড়ান্ত কৰাৰ বাবে মুম্বাইত উপস্থিত হৈছে। তেওঁ আজি ছবিখনৰ স্ক্ৰীপ্ট শুনিব আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়লৈ যোৱাৰ বাবে সিদ্ধান্ত চূড়ান্ত কৰিব। মহেন্দ্ৰ সিং ধোনীৰ পিছত সৌৰভ গাংগুলীৰ বায়’পিক কোনো ক্ৰিকেটাৰৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা এনেকুৱা এখন ছবি হ’ব যাক লৈ অনুৰাগীসকল উৎসুক হৈ আছে।
৯ ছেপ্টেম্বৰ ২০২১ত লাভ ফিল্মছ আৰু গাংগুলীয়ে মিলি এই বায়’পিক ছবিখনৰ ঘোষণা কৰিছিল। ২ বছৰৰ গৱেষণাৰ পিছত অৱশেষত স্ক্ৰীপ্ট সাজু কৰা হৈছে। এবছৰ পূৰ্বে সৌৰভ গাংগুলীৰ সৈতে কথা পাতি ছবিখনৰ স্ক্ৰীপ্ট আৰু ইয়াৰ স্ক্ৰীণপ্লে’ লিখা আৰম্ভ কৰা হৈছিল, আৰু এতিয়া এয়া সম্পূৰ্ণৰূপে সাজু।
কিন্তু ছবিখনৰ বাকী কাম আগবঢ়াবলৈ সৌৰভ গাংগুলীৰ চূড়ান্ত অনুমতিৰ প্ৰয়োজন। ৰিপ’ৰ্ট অনুসৰি, সৌৰভ গাংগুলীয়ে বন্ধু সঞ্জয় দাসৰ সৈতে মুম্বাইত উপস্থিত হৈছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|