মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »দুভৰিত ফুটবল বল লৈ প্ৰতিভাৰ উমান দিলে শিৱসাগৰৰ ছাত্ৰীয়ে

দুভৰিত ফুটবল বল লৈ প্ৰতিভাৰ উমান দিলে শিৱসাগৰৰ ছাত্ৰীয়ে

শিৱসাগৰ বেতবাৰী মণ্ডল আন্তঃবিদ্যালয় ফুটবল প্ৰতিযোগিতাৰ সামৰণি

শিৱসাগৰ বেতবাৰী মণ্ডল আন্তঃবিদ্যালয় ফুটবল প্ৰতিযোগিতাৰ সামৰণি

  • Share this:

শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ উদ্যোগত যোৱা ২ নৱেম্বৰৰ পৰা বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা আন্তঃবিদ্যালয় ফুটবল প্ৰতিযোগিতাখন শুকুৰবাৰে সন্ধিয়া সামৰণি পৰে।


 শিৱসাগৰ জিলাৰ বেতবাৰী মণ্ডলৰ মুঠ ১৩খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল এই প্ৰতিযোগিতাত।


 ছোৱালীৰ চূড়ান্ত ফুটবল খেলখনত বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দলটিয়ে হাৰিপাৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দলটোক টাইবেকাৰৰ সহায়ত ১-০ গ'লত পৰাস্ত কৰে ।


ফুটবল প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখনত ছাত্ৰীসকলৰ দুয়োটা দলেই সুন্দৰ প্ৰদৰ্শন কৰিছিল যদিও নিৰ্ধাৰিত সময়ত গ'ল দিব নোৱৰাত অতিৰিক্ত তিনি মিনিট সময় বঢ়াই দিয়া হয় । তথাপি গ'লশূন্য হৈ যোৱাত টাইবেকাৰৰ সহায় লোৱা হয়।


 ইপিনে ল'ৰা শাখাতো বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দলটোৱে ভাধৰা উচ্চতৰ মাধ্যমিক দলটোক ১-০ গ'লত পৰাস্ত কৰি বিজয়ী খিতাপ দখল কৰে।  ইয়াৰ পিছতে বিজয়ী আৰু ৰানাৰ্ছ আপ দলকেইটাক বঁটা প্ৰদান কৰা হয়।‌ চেম্পিয়ন খিতাপ দখল কৰা আৰু ৰানাছআপ হোৱা দলকেইটাৰ প্ৰতিগৰাকী ছাত্ৰ–ছাত্ৰী তথা খেলুৱৈকে একোটাকৈ মেডেল প্ৰদান কৰি উৎসাহিত কৰে উদ্যোক্তা সকলে।


 শিক্ষক, ক্ৰীড়া সংগঠক  জয়ন্ত মাধৱ গগৈয়ে আঁতধৰা বঁটা বিতৰণী  অনুষ্ঠানত বিদ্যালয়সমূহৰ পৰিদৰ্শক কমল গগৈয়ে ভাষণ দি ছাত্ৰ–ছাত্ৰীসকলৰ প্ৰতিভা বিকাশ আৰু প্ৰকাশৰ এখন মঞ্চ দিয়াৰ উদেশ্যে আন্তঃবিদ্যালয় ফুটবল প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা বুলি মন্তব্য কৰে। তেওঁ লগতে এই প্ৰতিযোগিতাত বহু ছাত্ৰ–ছাত্ৰীয়ে সুন্দৰ প্ৰতিভাৰ উমান দিয়াৰ লগতে অনাগত দিনত ৰাজ্যিক পৰ্যায়তো উজলি উঠিব বুলি আশা প্ৰকাশ কৰে।


তদুপৰি ফিট অফ ইণ্ডিয়াৰ অংশস্বৰূপে আয়োজন কৰা কুইজ প্ৰতিযোগিতাৰ বিষয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে কমল গগৈয়ে। ইয়াৰ উপৰি প্ৰতিযোগিতাসমূহ সুন্দৰকৈ অনুষ্ঠিত কৰাত শিক্ষক–শিক্ষয়িত্ৰীসকলে যি আহোপুৰুষাৰ্থ কৰিছে তাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকীয়ে।


অনুষ্ঠানত  জয়ন্ত মাধৱ গগৈয়ে বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুশীলন কৰিয়েই একালত বহু সংখ্যক ৰাষ্ট্ৰীয় , আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াবিদৰ সৃষ্টি হোৱাৰ কথা সদৰী কৰে। তদুপৰি অনাগত দিনত বেতবাৰীলৈ পুনৰ সুনাম ঘূৰি অহাত ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত কৰা ক্ৰীড়া প্ৰতিযোগিতাই সহায় কৰিব বুলি আশা প্ৰকাশ কৰে।

শেহতীয়া বাতৰি