শ্ৰেয়স আয়াৰে শ্ৰীলংকাৰ বিৰুদ্ধে তিনিখনীয়া মেচৰ টি২০ ছিৰিজত নিজৰ বেটিঙেৰে সকলোৰে হৃদয় জয় কৰিলে। ধৰ্মশালাত অনুষ্ঠিত তৃতীয় মেচতো তেওঁ অৰ্ধশতক অৰ্জন কৰাৰ লগতে দলক জয়ৰ মুখ্য আধাৰ হিচাপে বিবেচিত হয়। শ্ৰেয়স আয়াৰক এই ছিৰিজত বিৰাট কোহলীৰ স্থানত অৰ্থাৎ তিনি নম্বৰত খেলিবলৈ দিয়া হয় আৰু তেওঁ চমকপ্ৰদ বেটিঙেৰে ভাৰতক এই ছিৰিজ দখলত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ধাৰাবাহিকভাৱে তিনিখন মেচত তিনিটা অৰ্থশতক অর্জন কৰে। সমগ্ৰ ছিৰিজত তেওঁৰ সুন্দৰ প্ৰদৰ্শনৰ বাবে তেওঁক ‘মেচ অব দ্য ছিৰিজ’ নিৰ্বাচিত কৰা হয়।
ভাৰতীয় ভূমিত টি২০ ইণ্টাৰনেচনেল ক্ৰিকেটত ধাৰাবাহিকভাৱে তিনিখন মেচত শ্ৰেয়স আয়াৰৰ পূৰ্বে কোনো বেটছমেনে ৫০ৰ অধিক ৰান সংগ্ৰহ কৰিব পৰা নাছিল। কিন্তু আয়াৰে এই কৃতিত্ব অৰ্জন কৰি ইতিহাস ৰচিলে। তেওঁ ভাৰতৰ হৈ টি২০ ইণ্টাৰনেচনেল ক্ৰিকেটত তিনিখনীয়া মেচৰ টি২০ ছিৰিজৰ তিনিওখন মেচত ক্ৰমাগতভাৱে ৫০ৰ অধিক ৰানৰ ইনিংছ খেলা প্ৰথম বেটছমেনৰ গৌৰৱ অৰ্জন কৰে।
শ্ৰীলংকাৰ বিৰুদ্ধে তিনিখনীয়া মেচৰ টি২০ ছিৰিজৰ প্ৰথম মেচত লক্ষ্ণৌত আয়াৰে ৫৭ ৰানৰ ইনিংছ খেলিছিল আৰু সেই মেচখনত ভাৰতে ৬২ ৰানত জয়ী হৈছিল। দ্বিতীয় মেচত ধৰ্মশালাত তেওঁ ৭৪ ৰানৰ ইনিংছ খেলিছিল আৰু এই মেচখনত ভাৰতে ৭ ৰানত বিজয়ী হৈছিল। আনহাতে, তৃতীয় মেচত তেওঁ ৪৫ বলত এটা ছয় আৰু ৯টা চাৰিসহ ৭৩ ৰানৰ ইনিংছ দলক উপহাৰ দিয়ে। শ্ৰেয়স আয়াৰৰ এই ইনিংছৰ সহায়ত ভাৰতে তৃতীয় মেচতো ৬ উইকেটত বিজয় সাব্যস্ত কৰে আৰু ৩–০ত ছিৰিজ দখল কৰে।
Published by: Sanjay Kumar Das
First published: February 28, 2022, 15:19 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|