আন্তৰ্জাতিক ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছতে আইপিএলত মহেন্দ্ৰ সিং ধোনীৰ দাম অলপো কমা নাই। ডুবাইত আইপিএল ২০২১ৰ ফাইনেলত কলকাতা নাইট ৰাইডাৰ্ছক হৰুৱাই চতুৰ্থবাৰৰ বাবে চেন্নাই ছুপাৰ কিংছক চেম্পিয়ন বনাইছিল ধোনীয়ে। সেইকাৰণেই কেকেআৰৰ মালিক শ্বাহৰুখ খানে মনেপ্ৰাণে বিচাৰিছিল ভাৰতৰ সৰ্বশ্ৰেষ্ঠ অধিনায়কজনে তেওঁৰ দলৰ হৈ খেলক।
এম এছ ধোনীক নিলামত কিনাৰ বাবে তেওঁ ইমানেই ব্যাকুল আছিল যে নিজৰ পাইজামা পৰ্যন্ত বিক্ৰী কৰিবলৈ প্ৰস্তুত আছিল কিং খান। বেটিং কেলেংকাৰীৰ বাবে চেন্নাই দুবছৰ আইপিএলত নিষিদ্ধ আছিল। ২০১৬ আৰু ২০১৭ চনত পুনে ছুপাৰজায়েণ্টৰছৰ হৈ খেলিছিল ধোনীয়ে। ২০১৮ চনত চেন্নাইলৈ ওভতাৰ পূৰ্বে যি নিলাম হৈছিল সেই সময়ত সুযোগ পালে ধোনীক লোৱাৰ বাবে আগ্ৰহী হৈ পৰিছিল কেকেআৰৰ মালিক শ্বাহৰুখ।
তেতিয়া শ্বাহৰুখ খানে ধোনীক লৈ এক সংবাদমেলত কৈছিল, আৰে বন্ধু মইতো তেওঁক মোৰ পাইজামা বিক্ৰী কৰি হ’লেও কিনিম। তেওঁ নিলামলৈ আহক। সঁচাই শ্বাহৰুখ খানে মনে প্ৰাণে বিচাৰিছিল ভাৰতৰ ক্ৰিকেটৰ ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ অধিনায়কজনে কেকেআৰৰ জাৰ্ছী পিন্ধক। ধোনীয়ে ২০১৮ চনত চেন্নাই ছুপাৰ কিংছলৈ উভতি সেই বছৰে চেন্নাইক আইপিএলৰ খিতাপ উপহাৰ দিয়ে।
অধিনায়ক হিচাপে তেওঁৰ প্ৰদৰ্শন যেনে দুৰ্দান্ত আছিল, বেটিঙতো আছিল একেই। সেই বছৰ ১৬খন মেচত ৪৫৫ ৰান কৰে ধোনীয়ে। তেওঁৰ ষ্ট্ৰাইক ৰেট আছিল ১৫০ৰ ওপৰত। নিষেধাজ্ঞা আঁতৰাৰ পিছত চেন্নাইক আইপিএলত চেম্পিয়ন কৰাৰ মূল ব্যক্তি আছিল এম এছ ধোনী। ২০২২ৰ বাবেও আইপিএৰ বাবে ধোনীক ধৰি ৰাখিছে চেন্নাই ছুপাৰ কিংছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|