মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »পদপথত পিতৃৰ সৈতে পানীপুৰী বিক্ৰী কৰা যশস্বী জয়চোৱাল হৈ পৰিল পাকিস্তানৰ বাবে মূৰৰ কামোৰণি

পদপথত পিতৃৰ সৈতে পানীপুৰী বিক্ৰী কৰা যশস্বী জয়চোৱাল হৈ পৰিল পাকিস্তানৰ বাবে মূৰৰ কামোৰণি

পাকিস্তানৰ বিৰুদ্ধে ১৯ অনুৰ্ধ্বৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত শতক অৰ্জন কৰা যশস্বী জয়চোৱালে অনুপ্ৰাণিত কৰিব আপোনাক

পাকিস্তানৰ বিৰুদ্ধে ১৯ অনুৰ্ধ্বৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত শতক অৰ্জন কৰা যশস্বী জয়চোৱালে অনুপ্ৰাণিত কৰিব আপোনাক

  • Share this:
নাম যশস্বী জয়চোৱাল! ভাৰতীয় ক্ৰিকেটৰ এগৰাকী দুৰন্ত তৰুণ।  এখন সাধাৰণ ঘৰৰ সন্তান যশস্বী আজি বহুতৰে বাবে প্ৰেৰণাৰ উৎস। ১৯ অনুৰ্ধ্বৰ বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ সহজ জয়। ভাৰতৰ জয়ত গুৰুত্ব পূৰ্ণ ভুমিকা পালন কৰিলে উদীয়মান খেলুৱৈ যশস্বী জয়চোৱালে। মেচখনত শতৰান সংগ্ৰহ কৰি এতিয়া চৰ্চাত খেলুৱৈগৰাকী। আনকি যশস্বী জয়চোৱাল প্ৰতিযোগিতাত সৰ্বাধিক ৰান সংগ্ৰহ কৰা খেলুৱৈ হিচাপেও পৰিগণিত হৈছে।

এটা অত্যন্ত সাধাৰণ পৰিয়ালৰ সন্তান যশস্বীৰ পিতৃয়ে পদপথত এখন সাধাৰণ পানীপুৰীৰ দোকান দি পৰিয়াল পোহপাল দিয়ে। কেতিয়াবা যশস্বীয়েও ব্যৱসায়ত পিতৃক সহায় কৰিছিল।

২০২০ৰ বাবে হোৱা IPLৰ নিলাম প্ৰক্ৰিয়াত ৰাজস্থান ৰয়েলছে খেলুৱৈ জনক ২.৪০ কোটি টকাত ক্ৰয় কৰিছে। পুত্ৰত এই সাফল্যত আজি সন্তুষ্ট পিতৃ। পিতৃয়ে কয় যে, ‘ আজি সি যিমানখিনি সফলতা লাভ কৰিছে, তাত নিহিত হৈ আছে তাৰ কষ্ট, ত্যাগ। এতিয়া আমাৰ আশা, আই পি এলত সুন্দৰ প্ৰদৰ্শন আগবঢ়াই. যশস্বীয়ে ভাৰতীয় দলত স্থান লাভ কৰক। আমি মই অন্তন্য সুখী।’

শেহতীয়া বাতৰি