মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »সৌৰভ গাংগুলী হ’ব পাৰে BCCIৰ নতুন অধ্যক্ষ

সৌৰভ গাংগুলী হ’ব পাৰে BCCIৰ নতুন অধ্যক্ষ

Photo : starsunfolded.com

Photo : starsunfolded.com

অসমৰ দেৱজিৎ শইকীয়া যুটীয়া সচিব হিচাপে নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে।

  • Share this:
    ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলী হ’ব পাৰে BCCIৰ নতুন অধ্যক্ষ। এই দৌৰত প্ৰাক্তন ক্ৰিকেটাৰ বৃজেশ পেটেলতকৈ সৌৰভ গাংগুলী আগত আছে বুলি চৰ্চা চলিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহ হ’ব পাৰে নতুন সচিব। আনহাতে, অৰুণ ধুমল BCCIৰ কোষাধ্যক্ষ হোৱাটো প্ৰায় নিশ্চিত হৈছে।

    অৰুণ ধুমল কেন্দ্ৰীয় মন্ত্ৰী আৰু বিচিচিআইৰ প্ৰাক্তন অধ্যক্ষ অনুৰাগ ঠাকুৰৰ ভাতৃ। অসমৰ দেৱজিৎ শইকীয়া যুটীয়া সচিব হিচাপে নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে। সোমবাৰে মনোনয়ন দাখিলৰ অন্তিম দিন যদিও সকলো প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাই নিজৰ নিজৰ পদত নিৰ্বাচিত হ’ব বুলি ধাৰণা কৰা হৈছে। গাংগুলী আৰু বৃজেশৰ মাজত হ’ব মূল প্ৰতিদ্বন্দ্বিতা।

    ৪৭ বছৰীয়া সৌৰভ গাংগুলী বৰ্তমান ক্ৰিকেট এছ’চিয়েচন অৱ বেংগল (চিএবি)ৰ অধ্যক্ষ। যদিহে বিচিচিআইৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হয় তেন্তে ২০২০ ছেপ্টেম্বৰলৈ এই পদত অধিষ্ঠিত হৈ থাকিব।
    NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

    শেহতীয়া বাতৰি