• Home
  • »
  • News
  • »
  • sports
  • »
  • FIFA World Cup 2022 : বিশ্বকাপত চৌদি আৰৱৰ হাতত পৰাস্ত আৰ্জেণ্টিনা, ২-১ গলত জয়ী চৌদি আৰৱ

FIFA World Cup 2022 : বিশ্বকাপত চৌদি আৰৱৰ হাতত পৰাস্ত আৰ্জেণ্টিনা, ২-১ গলত জয়ী চৌদি আৰৱ

বিশ্বকাপ ফুটবলৰ ইতিহাসত এয়া চৌদি আৰৱৰ চতুৰ্থ জয়।

বিশ্বকাপ ফুটবলৰ ইতিহাসত এয়া চৌদি আৰৱৰ চতুৰ্থ জয়।

বিশ্বকাপ ফুটবলৰ ইতিহাসত এয়া চৌদি আৰৱৰ চতুৰ্থ জয়।

  • Share this:

কাটাৰৰ ফিফা বিশ্বকাপত নজিৰ সৃষ্টি কৰিলে কিংডম অৱ চৌদি আৰবে। বিশ্বকাপত প্ৰথমটো বৃহৎ অঘটন ঘটাই এছিয়াৰ দল চৌদি আৰৱে ২-১ গ'লত পৰাস্ত কৰে আৰ্জেণ্টিনা দলক।


প্ৰথমে মেছিৰ জৰিয়তে অগ্ৰগতি লাভ কৰিও পৰাস্ত হয় লেটিন আমেৰিকাৰ ফুটবলৰ বাবে বিখ্যাত দেশখন।


গ্ৰুপ চিৰ প্ৰথমখন খেলতে পৰাজয়ৰ সম্মুখীন হ'ল প্ৰাক্তন বিশ্ব চেম্পিয়ন আৰ্জেণ্টিনা। মাৰাডোনাৰ দেশ আৰ্জেন্টিনাৰ পৰাজয়ত হতাশ হৈ পৰিছে আৰ্জেণ্টিনাবাসী।

উল্লেখ্য, এতিয়ালৈ দুবাৰৰ বিশ্ব চেম্পিয়ন আৰ্জেণ্টিনা দল। আনহাতে চৌদি আৰৱে এই পৰ্যন্ত ছবাৰ ফিফা বিশ্বকাপলৈ যোগ্যতা অৰ্জন কৰিছে, য'ত শ্ৰেষ্ঠ প্ৰদৰ্শন হিচাপে ১৯৯৪ চনত নক আউটলৈ যোগ্যতা অৰ্জন কৰিছিল চৌদি আৰৱে।


বিশ্বকাপ ফুটবলৰ ইতিহাসত এয়া চৌদি আৰৱৰ চতুৰ্থ জয়। ইয়াৰ পূৰ্বে বিশ্বকাপৰ খেলত মৰক্কো, বেলজিয়াম আৰু ইজিপ্তৰ বিৰুদ্ধে জয়ী হৈছিল চৌদি আৰৱ দলটো।

Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি