ইংলেণ্ডৰ ব্ৰামিংহামত পূৰ্ণগতিত চলি আছে দ্বাবিংশতিতম কমনৱেলথ গেমছৰ খেল। বৃহস্পতিবাৰে শুভাৰম্ভ হোৱা কমনৱেলথ গেমছৰ দ্বিতীয় দিনাৰ খেলত ৰিঙত নামিব টকিঅ' অলিম্পিক গেমছৰ ব্ৰঞ্জৰ পদক বিজয়ী অসমৰ লাভলীনা বৰগোঁহাই আৰু বিশ্ব চেম্পিয়ন বক্সাৰ নিখাট জাৰিনে।
ভাৰতবৰ্ষৰ দুয়োগৰাকী তাৰকা বক্সাৰে কমনৱেলথ গেমছত তুলনামূলকভাৱে দুৰ্বল প্ৰতিদ্বন্দী লাভ কৰে। ধ্যানচান্দ খেলৰত্ন বটা বিজয়ী অসমৰ লাভলীনা বৰগোহাইয়ে শনিবাৰে মহিলাৰ ৬৬-৭০ কেজি শাখাৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলৰ খেলত নিউজিলেন্ডৰ আৰাইন নিকলছনৰ বিৰুদ্ধে খেলিব। নিকলছনৰ বিৰুদ্ধে জয় হলে কোৱাৰ্টাৰ ফাইনেলত ২০১৮ চধৰ গন্ড কষ্ট কমনৱেলথ গেমছৰ ৰূপৰ পদক বিজয়ী ৱেলছৰ ৰজি একলেছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইফালে শেহতীয়া আইবিএ বিশ্ব চেম্পিয়ন ভাৰতৰ মহিলা বক্সাৰ নিখাট জাৰিনে শনিবাৰে মজাম্বিকৰ হেলিনা ইছমেইল বাগাও বিৰুদ্ধে খেলিব। মহিলাৰ ৪৮-৫০ কেজি শাখাত প্ৰচুৰ প্ৰতিভা সম্পন্ন নিখাট জাৰিনৰ জয় প্ৰায় নিশ্চিত। শনিবাৰে জয় হলে কোৱাৰ্টাৰ ফাইনেলতো নিখাটে তুলনামূলকভাৱে দুৰ্বল ৱেলছৰ হেলেন জোনছৰ বিৰুদ্ধে খেলিব। সেইফালৰ পৰা নিখাটৰ পদক প্ৰায় নিশ্চিত। আনহাতে শুকুৰবাৰে দুৰ্দান্ত প্ৰদৰ্শনেৰে পাকিস্তানৰ ছুলেমান বালটছক ৫-০ ব্যৱধানত পৰাস্ত কৰি প্ৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰা অসমৰ শিৱ থাপাই শনিবাৰে স্কটলেন্ডৰ ৰেছি লাইনছৰ বিৰুদ্ধে খেলিব।
Published by: Kokil Sarma
FIRST PUBLISHED : July 30, 2022, 05:30 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|