ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধই সমগ্ৰ বিশ্বক শংকিত ৰাখিছে। কিন্তু ইয়াৰ মাজতো মানুহে জীৱনৰ জয়গান গাবলৈ এৰা নাই। ৰাছিয়াৰ পৰা তেনে এক খবৰেই দেশলৈ কঢ়িয়াই আনিছে ছাদিয়া টাৰিক নামৰ এইগৰাকী ভাৰতীয়ই। ৰাছিয়াৰ মস্কোত হোৱা ষ্টাৰ উশ্বু চেম্পিয়নশ্বীপত ভাৰতৰ হৈ সোণৰ পদক জয় কৰি দোশলৈ গৌৰৱ কঢ়িয়াই আনিছে ছাদিয়া টাৰিকে।
উল্লেখ্য যে চেম্পিয়নশ্বীপত সোণৰ পদক জয় কৰা ছদিয়া টাৰিক হৈছে সন্ত্ৰাসবাদে জৰ্জৰিত কৰা জম্মু-কাশ্মীৰৰ খেলুৱৈ।
ছাদিয়াই ইয়াৰ পূৰ্বে দুবাৰকৈ জুনীয়ৰ ৰাষ্ট্ৰীয় উশ্বু চেম্পিয়নশ্বীপত সোণৰ পদক জয় কৰিছিল।
জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লায়ো অভিনন্দন জনাইছে ছাদিয়াক। এই জয়ৰ বাবে ওমৰ আব্দুল্লাই প্ৰশিক্ষক কুলদীপ হাণ্ডুলৈও অভিনন্দন জনাইছে।
Published by: Manjumoni Borah
First published: February 26, 2022, 15:38 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|