টি–২০ বিশ্বকাপৰ ছেমি ফাইনেলত ইংলেণ্ডৰ হাতত পৰাস্ত হোৱাৰ পিছতে মন ভাঙি গৈছে ভাৰতীয় ক্ৰিকেটপ্ৰেমীসকলৰ। ভাৰতীয় দলৰ এনেধৰণৰ পৰাজয়ৰ পিছত সেয়া স্বাভাৱিক। ক্ৰিকেটাৰসকলক গালি–গালাজৰ লগতে তীব্ৰ সমালোচনা চলিছে দেশজুৰি। ইয়াৰ পিছতে নিজৰ ছচিয়েল মিডিয়া হেণ্ডেলত এটা পোষ্ট কৰিলে শচীন তেণ্ডুলকাৰে।
মাষ্টাৰ ব্লাষ্টাৰগৰাকীয়ে লিখিছে, এটা মুদ্ৰাৰ দুটা পিঠি থাকে। মানুহৰ জীৱনটোও তেনে। ক্ৰিকেটো তেনে এক ধৰণৰ খেল। আমি যদি আমাৰ দলৰ সফলতাত আনন্দ কৰিব পাৰো আৰু গৌৰব কৰো, তেন্তে ব্যৰ্থতাও ভাগ কৰি লোৱা উচিত। কাৰণ এই দলটো আমাৰ ১৩০ কোটি মানুহৰ দল। সমালোচনা অৱশ্যেই কৰক। কিন্তু ইংলেণ্ডে ভাৰতৰ তুলনাত ভাল খেলিছে সেয়া মানি লোৱাত অসুবিধা নাই।
A coin has two sides, so does life.
— Sachin Tendulkar (@sachin_rt) November 10, 2022
If we celebrate our team’s success like our own then we should be able to take our team's losses too…
In life, they both go hand in hand.#INDvsENG
শচীনে যিয়েই নকওক, এতিয়া দেশজুৰি ক্ৰিকেটাৰসকলক লৈ সমালোচনা চলিছে। উচিত সময়ত যদি ব্যৰ্থ হয় তেন্তে সমালোচনা হ’বই। আচলতে ভাৰতত ক্ৰিকেট মাত্ৰ এবিধ খেল নহয়। মানুহৰ আবেগ ইয়াৰ সৈতে জড়িত। মানুহৰ প্ৰত্যাশা বহু। শচীন নিজেই ক্ৰিকেটাৰ আছিল বুলি এই কথা লিখিব পাৰিছে, কিন্তু সেয়া সাধাৰণ ক্ৰিকেটপ্ৰেমীৰ বাবে হজম কৰা কঠিন।
মানুহৰ ধাৰণা, ভাৰতীয় ক্ৰিকেটাৰসকলে বাকী দেশৰ তুলনাত সৰ্বাধিক উপাৰ্জন কৰে। আইপিএলৰ সময়ত সকলোৰে নিজৰ ফ্ৰেঞ্চাইজীৰ হৈ সৰ্বস্ব উজাৰি দিয়ে, অথচ দেশৰ জাৰ্ছীত কিয় সেই দায়িত্ববোধ দেখুৱাব নোৱাৰে? এই প্ৰশ্ন আৰু যুক্তি কিন্তু পেলাই দিবলগীয়া নহয়।
- First Published :