
বিজয় হাজাৰে ট্ৰফীৰ ফাইনেল সৌৰাষ্ট্ৰ আৰু মহাৰাষ্ট্ৰৰ মাজত হ'ব। দ্বিতীয় খন ছেমি ফাইনেলত মহাৰাষ্ট্ৰই অসমক পৰাস্ত কৰে।
বিজয় হাজাৰে ট্ৰফীৰ ফাইনেল সৌৰাষ্ট্ৰ আৰু মহাৰাষ্ট্ৰৰ মাজত হ'ব। দ্বিতীয় খন ছেমি ফাইনেলত মহাৰাষ্ট্ৰই অসমক পৰাস্ত কৰে।
বিজয় হাজাৰে ট্ৰফীৰ ফাইনেল সৌৰাষ্ট্ৰ আৰু মহাৰাষ্ট্ৰৰ মাজত হ'ব। দ্বিতীয় খন ছেমি ফাইনেলত মহাৰাষ্ট্ৰই অসমক পৰাস্ত কৰে। এই খেলখন ৰোমাঞ্চকৰ আছিল। অসমক মহাৰাষ্ট্ৰৰ দ্বাৰা ৩৫১ ৰাণৰ লক্ষ্য দিয়া হৈছিল। অসম বিজয়ৰ লক্ষ্যতকৈ ১২ ৰাণ পিছ পৰি ৰ'ল অসম। অসমে ১০৩ ৰাণত ৪ টা উইকেট হেৰুৱাইছিল। দলৰ বিস্ফোৰক বেটছমেন ৰিয়ান পৰাগেও বিদায় লৈছিল। এনে লাগিছিল যে মহাৰাষ্ট্ৰই এই খেলখন সহজে জিকিব। কিন্তু, শিৱশংকৰ ৰয় আৰু স্বৰূপম পুৰকায়স্থই সুন্দৰ বেটিং কৰিছিল, দুয়োজনে পঞ্চম উইকেটৰ বাবে ১১৫ টা বলত ১৩৩ ৰাণৰ যুটী বান্ধি অসমক বিজয়ৰ আশা দিছিল।
৩৬ তম অভাৰত শিৱশংকৰ আউট হোৱাৰ পিছত, অসমৰ জয়ৰ আশা অলপ হ্ৰাস পায। কিন্তু, স্বৰূপমে আনটো প্ৰান্তৰ পৰা দৃঢ়তাৰে থিয় দিছিল আৰু দলটোৰ স্ক'ৰ ৩০০ ৰাণ পাৰ কৰাইছিল।তেওঁ ৪৫ তম অভাৰত আউট হয় আৰু ইয়াৰ লগে লগে অসমৰ বিজয়ৰ শেষ আশাও শেষ হয়। স্বৰূপমে ৮৭ টা বলত ৯৫ ৰাণ সংগ্ৰহ কৰে। অসমক শেষ অভাৰত বিজয়ৰ বাবে ২৮ ৰাণৰ প্ৰয়োজন আছিল কিন্তু দলে কেৱল ১৫ ৰাণহে যোগ কৰিব পাৰে। অসম মেচখন ১২ ৰাণত পৰাজিত হয় আৰু মহাৰাষ্ট্ৰ বিজয় হাজাৰে ট্ৰফীৰ ফাইনেলত উপনীত হয়।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|