உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • sports
    • »
    • Rohit Sharma On Virat Kohli: এইবাৰ দলৰ পৰা বাদ পৰিব নেকি কোহলী? আচৰিত উত্তৰ দিলে ৰোহিত শৰ্মাই

    Rohit Sharma On Virat Kohli: এইবাৰ দলৰ পৰা বাদ পৰিব নেকি কোহলী? আচৰিত উত্তৰ দিলে ৰোহিত শৰ্মাই

    ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত পুনৰ ব্যৰ্থ হয় কোহলী। তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাত বিৰাট কোহলীয়ে মাত্ৰ ২৬ ৰান কৰিছে।

    ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত পুনৰ ব্যৰ্থ হয় কোহলী। তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাত বিৰাট কোহলীয়ে মাত্ৰ ২৬ ৰান কৰিছে।

    ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত পুনৰ ব্যৰ্থ হয় কোহলী। তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাত বিৰাট কোহলীয়ে মাত্ৰ ২৬ ৰান কৰিছে।

    • Share this:
    কেৰিয়াৰৰ আটাইতকৈ বেয়া ফৰ্মত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলী। টেষ্ট, এদিনীয়া আৰু টি–২০ তিনিওটা ফৰ্মেটতে কোহলীৰ প্ৰদৰ্শন খুবেই বেয়া। বিৰাট কোহলীৰ এই ফৰ্মক লৈ এই ডাঙৰ মন্তব্য কৰিলে টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাই। বিৰাট কোহলীৰ ফৰ্ম আৰু আন বিষয়ক লৈ সংবাদ মাধ্যমৰ আগত ৰোহিত শৰ্মাই প্ৰকাশ কৰিলে প্ৰতিক্ৰিয়া।

    এদিনীয়া ছিৰিজত ৰান পোৱা নাই কোহলীয়ে

    ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত পুনৰ ব্যৰ্থ হয় কোহলী। তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাত বিৰাট কোহলীয়ে মাত্ৰ ২৬ ৰান কৰিছে। তিনিখন মেচত তেওঁ ৮, ১৮ আৰু ০ ৰানৰ ইনিংছ খেলিছে। মঙলবাৰে ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মাই কয়, কোহলীক কিছু সময়ৰ বাবে এৰি দিব লাগিব। কিছু সময় দিয়া উচিত কোহলীক। সেয়া হ’লে সকলো নিজে নিজে ঠিক হৈ যাব।

    সংবাদ মাধ্যমৰ আগত ৰোহীত শৰ্মাই কৰিলে ডাঙৰ মন্তব্য

    বুধবাৰ পৰা আৰম্ভ হ’ব ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টি২০ ছিৰিজ। তাৰ পূৰ্বে কোহলী সম্পৰ্কত ৰোহিত শৰ্মাক প্ৰশ্ন কৰাত তেওঁ কয়, ‘মোৰ ধাৰণা এয়া আপোনালোকৰ মাজতে আৰম্ভ হৈছে। তেওঁক লৈ চৌদিশে বহু কথা কোৱা হৈছে।’ ৰোহিত শৰ্মাই আৰু কয়, ‘যদি আপোনালোকে কিছুদিন মুখ বন্ধ ৰাখিব পাৰে তেন্তে সকলো ভাল হ’ব। কিছুদিন আপোনালোকে মনে মনে থাকিলে সকলো ঠিক হৈ যাব। যদি আপোনালোকৰ ফালৰ পৰা ইমানবোৰ কথা কোৱা বন্ধ কৰে, বাকী ক্ষেত্ৰত যত্ন লোৱা হ’ব পাৰে।’

    ৰোহিত শৰ্মাই কয়, কোহলীয়ে কোনো ধৰণৰ চাপৰ মাজত নাই আৰু শীঘ্ৰে ডাঙৰ ইনিংছ খেলি সকলোৰে মুখ বন্ধ কৰিব। কোহলীৰ ফৰ্ম সম্পৰ্কত প্ৰশ্ন তোলাত ৰোহিত শৰ্মাই কয়, ‘‘তেওঁ খুব ভাল ফৰ্মত আছে। এটা দশকৰো বেছি সময় ধৰি আন্তৰ্জাতিক ক্ৰিকেট খেলিছে। তেওঁ আন্তৰ্জাতিক ক্ৰিকেটত ইমান সময় কটাইছে, ফলত তেওঁ কি কৰিব লাগিব জানে। কিদৰে চাপৰ পৰিস্থিতিৰ মোকাবিলা কৰিব লাগে সেয়া কোহলীয়ে জানে। সকলোৱে কিছুদিন মনে মনে থাকিলে সকলো ঠিক হৈ যাব।’’
    Published by:Sanjay Kumar Das
    First published: