টীম ইণ্ডিয়াৰ হিটমেন ৰোহিত শৰ্মাই গঢ়িলে আন এক অনন্য অভিলেখ। এটা কেলেণ্ডাৰ বৰ্ষত অপেনাৰ বেটছমেনৰ ৰূপত তিনিওটা ফৰ্মেট মিলাই সৰ্বাধিক ৰান সংগ্ৰহ কৰা খেলুৱৈ হিচাপে পৰিগণিত হ’ল ৰোহিত। শ্ৰীলংকাৰ সনৎ জয়সূৰ্যৰ অভিলেখ ভংগ কৰিলে বিস্ফোৰক বেটছমেনগৰাকীয়ে।
দেওবাৰে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে কটকত তৃতীয় তথা অন্তিমখন এদিনীয়াত ৬৩ ৰানৰ ইনিংছ খেলে ৰোহিত শৰ্মাই। ৬৩টা বলত ৮টা চাৰি আৰু এটা ছয়েৰে ৰোহিতে সংগ্ৰহ কৰে ৬৩ ৰান। এই ইনিংছৰ সহায়ত ২০১৯ বৰ্ষত সৰ্বাধিক ৰান সংগ্ৰহ কৰা খেলুৱৈৰ অভিলেখ গঢ়িলে ৰোহিতে। ৰোহিতে এই বৰ্ষটোত সংগ্ৰহ কৰে মুঠ ২৪৪২ ৰান।
কটকৰ অন্তিমখন এদিনীয়াৰ পূৰ্বে এই অভিলেখৰ বাবে ৰোহিতক প্ৰয়োজন আছিল মাত্ৰ ৯ ৰানৰ। ১৯৯৭ বৰ্ষত জয়সূৰ্যই সংগ্ৰহ কৰিছিল সৰ্বাধিক ২৩৮৭ ৰান। ৰোহিত শৰ্মাই চলিত বছৰত তিনিওটা ফৰ্মেটত সৰ্বাধিক ছয় কোবোৱাৰো কৃতিত্ব অৰ্জন কৰে।
এদিনীয়াত ৰোহিতৰ ১৪৯০ ৰান
ৰোহিত শৰ্মাই ২০১৯ বৰ্ষত এদিনীয়াত সৰ্বাধিক ১৪৯০ ৰান সংগ্ৰহ কৰি তালিকাৰ শীৰ্ষস্থান দখল কৰিচে। এদিনীয়াত এই বছৰত ২৭টা ইনিংছত গড়ে ৫৭.৩০ হিচাপত ১৪৯০ ৰান সংগ্ৰহ কৰে খেলুৱৈগৰাকীয়ে। এই ফৰ্মেটত ৰোহিতে ৭টা শতক আৰু ৬টা অৰ্ধশতক অৰ্জন কৰে। টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলীতকৈও আগত আছে ৰোহিত শৰ্মা।
টি–২০ত ৰোহিতৰ ৩৯৬
ইণ্টাৰনেচনেল টি–২০ত ৰোহিত শৰ্মাই এই বৰ্ষটোত সংগ্ৰহ কৰিছে ৩৯৬ ৰান। ইয়াৰ ভিতৰত আছে ৪টা অৰ্ধশতক। টি–২০ত এই বৰ্ষত ৰোহিতৰ সৰ্বাধিক স্ক’ৰ আছিল ৮৫।
টেষ্টতো উজলিল ৰোহিত
চলিত বৰ্ষত টেষ্ট ক্ৰিকেটতো উজলিল ৰোহিত শৰ্মা। ৰোহিত শৰ্মাই ৫খন টেষ্টত গড়ে ৯২.৬৬ হিচাপত সংগ্ৰহ কৰে ৫৫৬ ৰান। ইয়াৰ ভিতৰত আছে তিনিটা শতক। বছৰটোত টেষ্ট ক্ৰিকেটত ৰোহিতৰ সৰ্বাধিক স্ক’ৰ ২১২ ৰান।
NEWS18 অসমত সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube , Facebook আৰু Twitter ত আমাক ফল’ কৰক। Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|