• Home
  • »
  • News
  • »
  • sports
  • »
  • IND vs England, ODI : ইংলেণ্ডৰ মাটিত এদিনীয়া ক্ৰিকেটত ৬ উইকেট লোৱা প্ৰথম ভাৰতীয় বলাৰ বুমৰাহ, অভেলত ১০ উইকেটত পৰাস্ত ইংৰাজ বাহিনী

IND vs England, ODI : ইংলেণ্ডৰ মাটিত এদিনীয়া ক্ৰিকেটত ৬ উইকেট লোৱা প্ৰথম ভাৰতীয় বলাৰ বুমৰাহ, অভেলত ১০ উইকেটত পৰাস্ত ইংৰাজ বাহিনী

ইংলেণ্ডৰ বলাৰসকলে ভাৰতৰ বেটছমেনসকলৰ ওপৰত সেই ধৰণৰ চাপ সৃষ্টি কৰিব নোৱাৰিলে যিধৰণৰ চাপ ইংলেণ্ডৰ বেটছমেনৰ ওপৰত সৃষ্টি কৰিলে ভাৰতীয় বলাৰসকলে।

  • Share this:
ইংলেণ্ডক ১১০ ৰানত অলআউট কৰাৰ পিছত ভাৰতৰ জয়ক লৈ কোনো সন্দেহ নাছিল। মাত্ৰ প্ৰশ্ন আছিল কিমান অভাৰত লক্ষ্যত উপনীত হ’ব ভাৰত। অধিনায়ক ৰোহিত শৰ্মা আৰু দীৰ্ঘদিনৰ পিছত প্ৰত্যাৱৰ্তন কৰা শিখৰ ধৱনে কিছু সাৱধানেৰে আৰম্ভ কৰিলে ইনিংছ। সাৱধানে অথচ লক্ষ্য স্থিৰ ৰাখি।

উইকেটৰ মুভমেণ্ট আৰু বাউন্সৰ সৈতে মিলাই স্বাভাৱিকভাৱে খেল আৰম্ভ কৰে দুয়োজনে। ভাৰতৰ বাবে এই ৰান অতিক্ৰম কৰাটো বেটিং প্ৰেকটিচৰ দৰেই আছিল। ধাৰণা কৰা হৈছিল কোনো উইকেট নেহেৰুৱাকৈ ১০ উইকেটত জয়লাভ কৰিব বিচাৰিছে ভাৰতে।

ইংলেণ্ডৰ বলাৰসকলে ভাৰতৰ বেটছমেনসকলৰ ওপৰত সেই ধৰণৰ চাপ সৃষ্টি কৰিব নোৱাৰিলে যিধৰণৰ চাপ ইংলেণ্ডৰ বেটছমেনৰ ওপৰত সৃষ্টি কৰিলে ভাৰতীয় বলাৰসকলে।

টি টুৱেণ্টি ছিৰিজ জয়ৰ পিছত এইবাৰ এদিনীয়া ছিৰিজ জয়ৰ লক্ষ্য ভাৰতৰ। বাকী দুখন মেচ এইদৰে জয়ী হোৱাটো বিচাৰিছে ভাৰতে। প্ৰথমখন মেচত টছত জিকি বলিং কৰাৰ সিদ্ধান্ত লৈ ভুল কৰা নাছিল ৰোহিত শৰ্মাই, সেই কথা স্পষ্ট হৈছিল খেলৰ আৰম্ভণিতে। মঙলবাৰে অভেলত আৰম্ভণিৰে পৰা যশপ্ৰীত বুমৰাহ আৰু মহম্মদ ছামিৰ গতি আৰু ছুইঙে শ’লঠেকত পেলালে ইংলেণ্ডৰ বেটছমেনক।

ইয়াৰ পূৰ্বে ২০০১ চনত মানচেষ্টাৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া ক্ৰিকেটত ৮৬ ৰানত অলআউট হৈছিল ইংলেণ্ড। সেয়াই আছিল তেওঁলোকৰ সৰ্বনিম্ন স্ক’ৰ। ভাৰতৰ সৈতে ইংলেণ্ডে সৰ্বনিম্ন স্ক’ৰৰ লজ্জাজনক অভিলেখ সৃষ্টি কৰিব বুলিয়ে ধাৰণা কৰা হৈছিল। বুমৰাহে প্ৰথমৰে পৰা স্তব্ধ কৰে জেছন ৰয়, জনী বেয়াৰষ্টোক।

ৰয়, জনী, ৰুট, লিভিংষ্টোনক আউট কৰে বুমৰাহে। আনহাতে, তেওঁক যোগ্য সহযোগ কৰিলে ছামিয়ে। আউট কৰিলে বেন ষ্টোকছ, বাটলাৰ, অভাৰটনক। ১৫ অভাৰৰ ভিতৰত ৭ উইকেট হেৰুৱালে ইংলেণ্ডে।

আচলতে ভাৰতীয় পেছাৰসকলে ইমান ভাল লেংন্থ আৰু ছুইং কৰিব বুলি ভবাই নাছিল ক্ৰীড়াপ্ৰেমীয়ে। প্ৰসিদ্ধ কৃষ্ণ লয় মইন আলীৰ উইকেট। অৱশ্যে কৰ্ছ আৰু ডেভিদ উইলিয়ে মিলি শেষৰফালে কিছু প্ৰতিৰোধ গঢ়ি তোলে। কিন্তু এই দিনটো আছিল বুমৰাহৰ। প্ৰথম ভাৰতীয় বলাৰ হিচাপে ইংলেণ্ডৰ মাটিত এদিনীয়া ক্ৰিকেটত ৬টা উইকেট ল’লে বুমৰাহে।

মেচৰ শেষত ৰোহিত শৰ্মাই জনাই দিলে যে দলৰ বলিং প্ৰদৰ্শন ইমান ভাল হ’ব বুলি আশা কৰা নাছিলো। যশপ্ৰীত বুমৰাহ, মহম্মদ ছামিৰ অৱশ্যে এই ক্ষমতা আছে, তাত আচৰিত হ’বলগীয়া নাই। এতিয়া পৰৱৰ্তী লক্ষ্য বৃহস্পতিবাৰৰ দ্বিতীয় মেচ জিকি ছিৰিজ দখল কৰা।

Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি