মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »এছিয়া কাপঃ কে এল ৰাহুল- ৰোহিত শৰ্মাই টি-২০ত ১৪তম ৫০+ পাৰ্টনাৰশ্বিপেৰে সৃষ্টি কৰিলে নতুন বিশ্ব অভিলেখ

এছিয়া কাপঃ কে এল ৰাহুল- ৰোহিত শৰ্মাই টি-২০ত ১৪তম ৫০+ পাৰ্টনাৰশ্বিপেৰে সৃষ্টি কৰিলে নতুন বিশ্ব অভিলেখ

পূৰ্বে ১৩তম ৫০+ পাৰ্টনাৰশ্বিপেৰে এই অভিলেখৰ গৰাকী আছিল আইৰিছ যুটি কেভিন অ'ব্ৰাইন আৰু পল ষ্টাৰ্লিং।

পূৰ্বে ১৩তম ৫০+ পাৰ্টনাৰশ্বিপেৰে এই অভিলেখৰ গৰাকী আছিল আইৰিছ যুটি কেভিন অ'ব্ৰাইন আৰু পল ষ্টাৰ্লিং।

পূৰ্বে ১৩তম ৫০+ পাৰ্টনাৰশ্বিপেৰে এই অভিলেখৰ গৰাকী আছিল আইৰিছ যুটি কেভিন অ'ব্ৰাইন আৰু পল ষ্টাৰ্লিং।

  • Share this:
ভাৰতীয় ক্ৰিকেট টীমৰ অপেনাৰ কে এল ৰাহুল আৰু ৰোহিত শৰ্মাই চলিত ২০২২ এছিয়া কাপৰ ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত পাকিস্তানৰ বিৰুদ্ধে চলি থকা চুপাৰ ৪ পৰ্যায়ৰ খেলখনত নিজৰ দলক দ্ৰুত আৰম্ভণি দিছিল। পাকিস্তানৰ অধিনায়ক বাবৰ আজমে টছত জয়ী হৈ প্ৰথমে বলিঙৰ কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত ভাৰতীয় অপেনিং যুটিটোৱে একচন-পেকড আৰম্ভণিৰে মেন ইন গ্ৰীণৰ ওপৰত হেঁচা প্ৰয়োগ কৰে।

ভাৰতীয় অধিনায়ক আৰু উপ-অধিনায়কজনে মাত্ৰ ২৬ টা বলত ৫০ ৰাণৰ পাৰ্টনাৰশ্বিপ আগবঢ়ায়। ইতিহাসৰ আটাইতকৈ চুটি ফৰ্মেটত মেন ইন গ্ৰীণৰ বিৰুদ্ধে এটা ইনিংছত ভাৰতীয় দলে এতিয়ালৈকে ৫০ ৰাণ সম্পূৰ্ণ কৰা এইটো আটাইতকৈ দ্ৰুততম আছিল। এই পাৰ্টনাৰশ্বিপৰ দ্বাৰা দুয়োজনে গঢ়িলে এক নতুন বিশ্ব অভিলেখ। এই পাৰ্টনাৰশ্বিপৰ জৰিয়তে ৰোহিত আৰু ৰাহুলৰ যুটিটোৱে টি-২০ ক্ৰিকেটৰ ইতিহাসত সৰ্বাধিক ৫০+ পাৰ্টনাৰশ্বিপ কৰাৰ অভিলেখ স্থাপন কৰে। ১৪তম অৰ্ধ-শতকৰ পাৰ্টনাৰশ্বিপেৰে তেওঁলোকে টি-২০ ফৰ্মেটত সৰ্বাধিক পাৰ্টনাৰশ্বিপ সম্পূৰ্ণ কৰা যুটিত পৰিণত হয়। ইয়াৰ পূৰ্বে ১৩তম ৫০+ পাৰ্টনাৰশ্বিপেৰে এই অভিলেখৰ গৰাকী আছিল আইৰিছ যুটি কেভিন অ'ব্ৰাইন আৰু পল ষ্টাৰ্লিং।

টি-20 ক্ৰিকেটত সৰ্বাধিক ৫০+ পাৰ্টনাৰশ্বিপঃ

কেভিন অ'ব্ৰাইন, পল ষ্টাৰ্লিং - ১৩ (আয়াৰলেণ্ড)

এণ্ডি বালবিৰ্নি, পল ষ্টাৰ্লিং - ১২ (আয়াৰলেণ্ড)

কাইল কোয়েৎজাৰ, হেৰী মুনচি - ১২ (স্কটলেণ্ড)

মাৰ্টিন গাপ্টিল, কেন উইলিয়ামচন - ১২ (নিউজিলেণ্ড)

এক দুৰ্দান্ত আৰম্ভণিৰ স্বত্ত্বেও দুয়োজনে ইয়াক ডাঙৰ ৰূপ দিবলৈ ব্যৰ্থ হৈছিল কিয়নো ৰোহিত শৰ্মাই ১৬ টা বলত ২৮ ৰাণ কৰি আউট হৈছিল। ইফালে ৰাহুলেও ২০ বলত ২৮ ৰাণ কৰাৰ পিছত পৰৱৰ্তী অভাৰত শাদাব খানৰ হাতত নিজৰ উইকেট হেৰুৱায়। তেওঁলোকৰ আকৰ্ষণীয় আৰম্ভণিৰ পিছত বিৰাট কোহলীয়ে প্ৰতিযোগিতাখনৰ ক্ৰমাগত দ্বিতীয় অৰ্ধ-শতক অৰ্জন কৰিবলৈ এটা ভিণ্টেজ নক খেলিছিল। মাত্ৰ ৪৪ টা বলত কোহলীৰ ৬০ ৰাণৰ ইনিংছ খেলে।

টীম ইণ্ডিয়াৰ মিডল আৰু ল' অৰ্ডাৰ বেটছমেনৰ সহযোগত ২০ অভাৰত মুঠ ১৮১ ৰাণ কৰিবলৈ সক্ষম হয়। অৱশ্যে হাই ভল্টেজ মেচখনত পাকিস্তানে ভাৰতক পাঁচ উইকেটত পৰাস্ত কৰে। জয়ৰ বাবে ১৮২ ৰাণৰ লক্ষ্য আগত লৈ পাকিস্তানে এটা বল বাকী থকা অৱস্থাত বিজয় সাৱ্যস্তকৰে। পাকিস্তানৰ হৈ মহম্মদ ৰিজৱানে সৰ্বাধিক ৫১ টা বলত ৭১ ৰাণ কৰাৰ লগতে মহম্মদ নাৱাজে ৪২ ৰাণ সংগ্ৰহ কৰে।

শেহতীয়া বাতৰি