কোৱালিফায়াৰ ১ত গুজৰাট টাইটানছৰ হাতত পৰাজিত হোৱাৰ পিছত ৰাজস্থান ৰয়েলছে IPL২০২২ ট্ৰফীত বৰ্তী থাকিবলৈ আন এখন যুঁজ দিব লাগিব। ফাইনেলৰ প্ৰৱেশ কৰিবলৈ সঞ্জু চেমছনৰ ৰাজস্থান ৰয়েলছে শুকুৰবাৰে কোৱালিফায়াৰ 2-ত এলিমিনেটৰ বিজয়ী তথা ফাফ ডু প্লেচিছৰ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ সৈতে মুখামুখী হ'ব।
কিন্তু ইয়াতে শেষ নহয়। আই পি এলৰ অনুৰাগীসকলে পাহৰি যোৱা নাই ৰিয়ান পৰাগ আৰু হৰ্ষল পেটেলৰ কাজিয়া। পিছে কিয় হৈছিল কাজিয়া?
ঠিক এমাহ পূৰ্বে, আৰচিবিৰ হৰ্ষল পেটেলে খেলৰ পিছত দুয়োটা দলৰ খেলুৱৈসকলৰ কাষ্টমাৰী মিটিঙত ৰাজস্থান ৰয়েলছৰ ৰিয়ান পৰাগৰ সৈতে হাত মিলাবলৈ অস্বীকাৰ কৰিছিল।
সেই ইনিংছটোত ১৮ নম্বৰ অভাৰত হৰ্ষল পেটেলৰ বলত ৰিয়ানে তিনিটা চাৰি আৰু চাৰিটা ছয় কোবাইছিল। পৰাগে ডিপ মিড-উইকেট বাউণ্ডেৰীৰ ওপৰেৰে পেটেলৰ বলত এটা শ্বট খেলাৰ সময়তে দুয়োজন খেলুৱৈ কিছু সময়ৰ বাবে বাকযুদ্ধত লিপ্ত হয়।
পৰাগে শেহতীয়াকৈ খেলপথাৰত তেওঁৰ "অপৰিপক্ক" প্ৰদৰ্শনৰ বাবে সমালোচনাৰ সন্মুখীন হৈছিল। কিয়নো অনুৰাগীসকলে ২০ বছৰীয়া ক্ৰিকেটাৰজনক তেওঁৰ "মনোভাৱ" নিয়ন্ত্ৰণ কৰিবলৈ পৰামৰ্শ দিছিল। এতিয়া দুয়োটা দলৰ মাজত অনুষ্ঠিত হবলগীয়া গুৰুত্বপূৰ্ণ খেলখনৰ পূৰ্বে আকৌ চৰ্চালৈ আহিছে দুয়োগৰাকী খেলুৱৈৰ মাজৰ কাজিয়াৰ প্ৰসংগ।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|