உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • sports
    • »
    • IPL Auction 2022|Riyan Parag: অসমৰ বাবে সুখবৰ! IPLৰ নিলামত অসমৰ ৰিয়ান পৰাগৰ ৩.৮ কোটি টকাত নিলাম, কোনে কিনিলে ৰিয়ান পৰাগক

    IPL Auction 2022|Riyan Parag: অসমৰ বাবে সুখবৰ! IPLৰ নিলামত অসমৰ ৰিয়ান পৰাগৰ ৩.৮ কোটি টকাত নিলাম, কোনে কিনিলে ৰিয়ান পৰাগক

    IPL Auction 2022|Riyan Parag: নিলামৰ দামত হিমালয় লংঘী গ'ল অসমৰ ৰিয়ান পৰাগে। 

    IPL Auction 2022|Riyan Parag: নিলামৰ দামত হিমালয় লংঘী গ'ল অসমৰ ৰিয়ান পৰাগে। 

    IPL Auction 2022|Riyan Parag: নিলামৰ দামত হিমালয় লংঘী গ'ল অসমৰ ৰিয়ান পৰাগে। 

    • Share this:
    অসমৰ ক্ৰিকেটাৰ ৰিয়ান পৰাগ (Riyan Parag)ক কিনিলে ৰাজস্থান ৰয়েলছে।

    ৩.৮ কোটি টকাত ৰাজস্থান ৰয়েলছে কিনিলে ৰিয়ান পৰাগক।

    ৰিয়ানৰ বাবে ৰাজস্থান ৰয়েলছ আৰু গুজৰাট টাইটানছৰ মাজত হৈছিল টনাটনি।

    অসমৰ পৰা IPLত অংশ লোৱা একমাত্ৰ খেলুৱৈ হৈছে ৰিয়ান পৰাগ।

    এতিয়ালৈ ৪ খন আইপিএলত অংশ লোৱা ৰিয়ান পৰাগে এতিয়ালৈ কেৱল ৰাজস্থান ৰয়েলছৰ হৈ খেলি আছে।

    ২০১৯ চনৰ পৰা ২০২২লৈ ৰাজস্থান ৰয়েলছত অলৰাউণ্ডাৰ হিচাপে খেলি আছে অসমৰ ৰিয়ান।

    ২০১৯ চনত ২০ লাখ, ২০২০ চনত ২০ লাখ, ২০২১ চনত ২০ লাখ টকাত নিলাম হোৱা ৰিয়ান পৰাগ এইবাৰ একেকোবে ৩.৮ কোটি টকাত নিলাম হ'ল। নিলামৰ দামত হিমালয় লংঘী গ'ল অসমৰ ৰিয়ান পৰাগে।

    ৰিয়ান পৰাগৰ বেছ প্ৰাইচ আছিল ৩০ লাখ টকা।

    IPLৰ ইতিহাসত অৰ্ধশতক কৰা সৰ্ব কনিষ্ঠ খেলুৱৈৰ অভিলেখ ৰচি থৈছে ৰিয়ান পৰাগে। ১৭ বছৰ ১৭৫ দিনত ৫০ ৰাণ কৰি এই অভিলেখ ৰচিছিল ৰিয়ানে।

    ২০১৮ চনত ১৯ অনুৰ্ধ বিশ্বকাপত ভাৰতৰ জয়ৰ আঁৰত ৰিয়ান পৰাগৰো  বহুখিনি অৰিহণা আছিল।

    ৰিয়ান পৰাগ অসমৰ প্ৰাক্তন ক্ৰিকেটাৰ পৰাগ দাস আৰু সাঁতোৰবিদ মিঠু বৰুৱাৰ পুত্ৰ।
    Published by:Manjumoni Borah
    First published: