
বিজয় হাজাৰে ট্ৰফী ২০২২ ৰ কোৱাৰ্টাৰ ফাইনেলত জম্মু-কাশ্মীৰৰ বিৰুদ্ধে ৩৫১ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ৰিয়ানে ১১৬টা বলত ১৭৪ ৰাণ সংগ্ৰহ কৰে। অসমৰ সোঁহাতৰ খেলুৱৈজনে মাত্ৰ ৭৭ টা বলত শতক অৰ্জন কৰে।
বিজয় হাজাৰে ট্ৰফী ২০২২ ৰ কোৱাৰ্টাৰ ফাইনেলত জম্মু-কাশ্মীৰৰ বিৰুদ্ধে ৩৫১ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ৰিয়ানে ১১৬টা বলত ১৭৪ ৰাণ সংগ্ৰহ কৰে। অসমৰ সোঁহাতৰ খেলুৱৈজনে মাত্ৰ ৭৭ টা বলত শতক অৰ্জন কৰে।
দিনটোৰ আৰম্ভণিতে ঋতুৰাজ গায়কোৱাড়ৰ উজ্জ্বল বেটিঙৰ পিছত এইবাৰ ৰিয়ান পৰাগে দেখুৱালে চমক। তেওঁ বিজয় হাজাৰে ট্ৰফী ২০২২ ৰ কোৱাৰ্টাৰ ফাইনেলত জম্মু-কাশ্মীৰৰ বিৰুদ্ধে ৩৫১ ৰাণৰ লক্ষ্য অনুসৰণ কৰি ৰিয়ানে ১১৬টা বলত ১৭৪ ৰাণ সংগ্ৰহ কৰে। অসমৰ সোঁহাতৰ খেলুৱৈজনে মাত্ৰ ৭৭ টা বলত শতক অৰ্জন কৰে। ঋষভ দাসে ১১৮টা বলত ১১৪ ৰান কৰি অপৰাজিত হৈ থাকে। অসমে ৩৫১ ৰানৰ লক্ষ্য ৪৬.১ অভাৰতে অতিক্ৰম কৰে।
ইয়াৰ পূৰ্বে প্ৰথমে বেট ধৰি জম্মু কাশ্মীৰে নাজিৰ আৰু খাজুৰিয়াৰ শতকৰ সহায়ত ৫০ অভাৰত ৭টা উইকেট হেৰুৱাই ৩৫০ ৰান সংগ্ৰহ কৰিছিল। অসমৰ হৈ অভিনৱ চৌধুৰী আৰু ৰাজাকুদ্দিন আহমেদে দুটাকৈ উইকেট দখল কৰে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|