মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »IPL 2023ত এটা অভাৰত ৪টা ছিক্স কোবাব ক্ৰিকেটাৰ ৰিয়ান পৰাগে, জনালে তেওঁৰ অন্তৰাত্মাই কি কৈছে

IPL 2023ত এটা অভাৰত ৪টা ছিক্স কোবাব ক্ৰিকেটাৰ ৰিয়ান পৰাগে, জনালে তেওঁৰ অন্তৰাত্মাই কি কৈছে

এতিয়া অপেক্ষা ২ এপ্ৰিললৈ, ছানৰাইজ হাইদৰাবাদৰ সৈতে আছে ৰাজস্থান ৰয়েলছৰ প্ৰথমখন খেলা

এতিয়া অপেক্ষা ২ এপ্ৰিললৈ, ছানৰাইজ হাইদৰাবাদৰ সৈতে আছে ৰাজস্থান ৰয়েলছৰ প্ৰথমখন খেলা

এতিয়া অপেক্ষা ২ এপ্ৰিললৈ, ছানৰাইজ হাইদৰাবাদৰ সৈতে আছে ৰাজস্থান ৰয়েলছৰ প্ৰথমখন খেলা

  • Share this:
IPL 2023ক লৈ ক্ৰিকেট অনুৰাগীসকল অধীৰ আগ্ৰহেৰে বাট চাই থকাৰ সময়তে অসমৰ খেলুৱৈ ৰিয়ান পৰাগে শুনিলে অন্তৰাত্মাৰ আহ্বান। ৰাজস্থান ৰয়েলছৰ হৈ ৩১ মাৰ্চৰ পৰা আৰম্ভ হ'বলগীয়া এই বৰ্ষৰ আই পি এল খেলিবলগীয়া ৰিয়ানে আজি এই বিষয়ে উল্লেখ কৰি টুইটযোগে শ্বেয়াৰ কৰে।

যোৱাবৰ্ষত ৰিয়ানে মাত্ৰ ২৯টা বলতে দৰ্শনীয় অৰ্ধশতক অৰ্জন কৰা জিলিকি উঠিছিল। দলটোৰ হৈ তেওঁ দায়িত্বসহকাৰে ক্ৰীড়া প্ৰদৰ্শন কৰিছিল। এইবাৰো পৰাগ পূৰ্ণপ্ৰস্তুতিৰে সাজু। এনে সময়তে শ্বেয়াৰ কৰিলে এইদৰে- ''মোৰ অন্তৰাত্মাই কৈছে যে এইবাৰৰ আইপিএলত কোনোবা এখন খেলত মই এটা অভাৰত চাৰিটা ছিক্স মাৰিম।''



উল্লেখ্য, ৰিয়ান পৰাগে গুৱাহাটী প্ৰিমিয়াৰ লীগত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছিল। ১২খন মেচত তেওঁ ৬৮৩ ৰান কৰাৰ লগতে ২৭টা উইকেটো দখল কৰিছিল। এই লীগত প্লেয়াৰ অফ দ্য ফাইনেল মেচ, প্লেয়াৰ অৱ দ্য চিৰিজ আৰু সৰ্বাধিক ৰান কৰোঁতা ৰূপে পুৰস্কৃত হৈছিল। গতিকে এতিয়া অপেক্ষা ২ এপ্ৰিললৈ, ছানৰাইজ হাইদৰাবাদৰ সৈতে পৰাগৰ দল ৰাজস্থান ৰয়েলছে প্ৰথমখন খেলত অংশ ল'ব।

শেহতীয়া বাতৰি