IPL 2022ৰ আজি ৰাজস্থান ৰয়েলছ (Rajasthan Royals) আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (Royal Challengers Bangalore )ৰ মাজৰ খেলখনৰ ২০ নম্বৰ অভাৰৰ শেষত ৰাজস্থানৰ বেটছমেন ৰিয়ান পৰাগ (Riyan Parag)ৰ সৈতে তৰ্কত লিপ্ত হয় RCBৰ বলাৰ হৰ্ষল পেটেল (Harshal Patel)।
আজি বিস্ফোৰক বেটিঙেৰে ৩১টা বলত অপৰাজিত ৫৬ ৰাণ কৰা ৰিয়ান পৰাগে ২০ নম্বৰ অভাৰত হৰ্ষল পেটেলৰ দুটা বলত ছিক্সাৰ কোবোৱাৰ পিছতে (RR Vs RCB) বলাৰজনে ৰিয়ানৰ সৈতে তৰ্ক কৰিবলৈ ধৰে। হৰ্ষলৰ শেষৰটো বলতো ৰিয়ানে ছিক্স কোবাইছিল। তেতিয়াই ৰিয়ানক উদ্দেশ্যি চোকা বাক্যবাণ নিক্ষেপ কৰে হৰ্ষল পেটেলে।
হৰ্ষলৰ শেষৰ অভাৰটোত ১৮ ৰাণ সংগ্ৰহ কৰিছিল ৰাজস্থানে। ইনিংছ শেষ হোৱাত পেভিলিয়নলৈ উভতিছিল ৰিয়ান। কিন্তু হৰ্ষলে আক্ৰমণ কৰাত উভতি ধৰে ৰিয়ানেও। ৰাজস্থানৰ এগৰাকী ছাপোৰ্ট ষ্টাফে আঁতৰাই নিয়ে হৰ্ষলক।
Published by: Manjumoni Borah
FIRST PUBLISHED : April 26, 2022, 22:02 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।