• Home
  • »
  • News
  • »
  • sports
  • »
  • Syed Mushtaq Ali Trophy: বিচিচিআইৰ ছৈয়দ মুস্তাক আলী ট্ৰফী টী-২০ৰ অসম দলৰ নেতৃত্বত ৰিয়ান পৰাগ

Syed Mushtaq Ali Trophy: বিচিচিআইৰ ছৈয়দ মুস্তাক আলী ট্ৰফী টী-২০ৰ অসম দলৰ নেতৃত্বত ৰিয়ান পৰাগ

৪ নৱেম্বৰৰ পৰা নতুন দিল্লীত অনুষ্ঠিত হ’ব টী-২০ ক্ৰিকেট।

৪ নৱেম্বৰৰ পৰা নতুন দিল্লীত অনুষ্ঠিত হ’ব টী-২০ ক্ৰিকেট।

৪ নৱেম্বৰৰ পৰা নতুন দিল্লীত অনুষ্ঠিত হ’ব টী-২০ ক্ৰিকেট।

  • Share this:

বিচিচিআইৰ ক্ৰিকেট ছিজন আৰম্ভ হ'ব। ছৈয়দ মুস্তাক আলী (Syed Mushtaq Ali Trophy) টি টুৱেন্টী ট্ৰফীৰ জৰিয়তে বিচিচিআইৰ আগন্তুক ক্ৰিকেট ছিজন আৰম্ভ হ'ব। ৪ নৱেম্বৰৰ পৰা নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া দেশৰ আগশাৰীৰ ছৈয়দ মুস্তাক আলী টী-২০ৰ বাবে তাৰকা অলৰাউন্ডাৰ ৰিয়ান পৰাগৰ নেতৃত্ব অসম দলটো ঘোষণা কৰে অসম ক্ৰিকেট সন্থাই।


ঘোষণা কৰা অসম দলটোত আছে ৰিয়ান পৰাগ (অধিনায়ক), পল্লৱ কুমাৰ দাস, ঋষভ দাস, ডেনিছ দাস, অমিত সিনহা,  ছাহিল জৈন, আকাশ সেনগুপ্তা, ৰাজকুদ্দিন আহমেদ, ৰাহুল সিং, ৰৌচন আলম, অম্লানজ্যোতি দাস, জিতুমণি কলিতা, কুনাল শইকীয়া (উইকেটৰক্ষক), অভিষেক ঠাকুৰী (উইকেটৰক্ষক), মুখটাৰ হুছেইন, প্ৰীতম দাস আৰু ধৰণী ৰাভা।


টীম অসমৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বত আছে টীম ইন্ডিয়াৰ প্ৰাক্তন উইকেটকীপাৰ অজয় ৰাট্ৰা, প্ৰশিক্ষক ক্ৰমে ষ্টুৱাৰ্ট বিন্নী আৰু সলিল সিনহা। দলটোৰ ট্ৰেইনাৰ ভাস্কৰ বৰা আৰু ফিজিঅ’ৰ দায়িত্বত আছে কৌস্তভ ভৰদ্বাজ। একাধিক নৱাগত খেলুৱৈৰে গঠিত অসমৰ টী-২০ দলটোক লৈ আশাবাদী ৰাজ্যৰ ক্ৰিকেট প্ৰেমী।

Published by:Gautam Barman
First published: