ভাৰতৰ তাৰকা MMA ফাইটাৰ ৰিতু ফোগাট পুনৰ এবাৰ ৰিংত প্ৰৱেশ কৰিবলৈ সাজু হৈছে। জানিব পৰা মতে,ৰিতুৱে অহা ২৯ ছেপ্টেম্বৰৰ পৰা ৱান চেম্পিয়নশ্বিপ(ONE CHAMPIONSHIP)ত এই ছিজন আৰম্ভ কৰিব। ভাৰতীয় বাঘিনী নামেৰে জনাজাত ৰিতুক ছিংগাপুৰৰ টিফানি টিঅ'য়ে প্ৰত্যাহ্বান জনাইছে। এই প্ৰত্যাহ্বান সম্পৰ্কে এক প্ৰশ্নত ৰিতু ফোগাটে কৈছিল যে তেওঁ টিফানিৰ প্ৰত্যাহ্বানৰ বাবে সাজু। তেওঁ কেৱল এই যুঁজৰ বাবে নহয়, MMAত এক দীঘলীয়া যাত্ৰাৰ বাবে সাজু। উল্লেখ্য যে, 'ফোগাট চিষ্টাৰ্ছ'ৰ আটাইতকৈ কনিষ্ঠ ৰিতুৱে কয়, "মই সোনকালেই বেল্ট জয় কৰিম। ভাৰতে শীঘ্ৰেই ইয়াৰ প্ৰথম মহিলা MMA বিশ্ব চেম্পিয়ন লাভ কৰিব।"
ৰিতু ফোগাটে প্ৰায় ৯ মাহৰ পিছত ৰিংলৈ উভতি আহিছে। তেওঁ আঘাতৰ পৰা উভতি আহিবলৈ কঠোৰ পৰিশ্ৰম কৰিছে। বৰ্তমান টিফানিয়ে টিঅ'ৰ সৈতে এটমৱেট মিক্সড মাৰ্শাল আৰ্ট শ্ৰেণীত যুঁজৰ বাবে তেওঁ নতুন প্ৰশিক্ষক এডাম শ্বাৰিয়ানৰ তত্বাৱধানত ছিংগাপুৰত প্ৰশিক্ষণ লৈ আছে। যুঁজখন ছিংগাপুৰ ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব।
২৮ বছৰীয়া ৰিতু ফোগাটে ছিংগাপুৰৰ পৰা জুম কথোপকথনত কয় যে তেওঁ উভতি অহাৰ বাবে অতি উৎসাহিত। ভাৰতৰ প্ৰিয় ফাইটাৰগৰাকীয়ে কয় যে তেওঁ কেৱল এই খেলখন জিকিবলৈ আশাবাদী নহয়। ইয়াৰ পৰিৱৰ্তে, তেওঁ দেশবাসীক আশ্বাস দিব বিচাৰে যে ভাৰতে শীঘ্ৰেই প্ৰথম গৰাকী মহিলা এমএমএ বিশ্ব চেম্পিয়ন লাভ কৰিব।
মন কৰিবলগীয়া কথা, ৰিতু ফোগাট হৈছে এগৰাকী সফল মল্লযোদ্ধা। তেওঁ কমনৱেলথ গেমছ ৰেছলিং চেম্পিয়নশ্বিপত সোণৰ পদক জিকিছে। অৱশ্যে, তেওঁ পিছত মল্লযুদ্ধ ত্যাগ কৰে আৰু MMA মনোনিৱেশ কৰে। ৰিতুৱে কৈছে যে তেওঁ MMA বাছনি কৰিছিল কাৰণ এতিয়ালৈকে এগৰাকীও মহিলা বিশ্ব চেম্পিয়ন হোৱা নাই। তেওঁ এই অভাৱ দূৰ কৰিব বিচাৰে।
Published by:Sehnaz Begum
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|