• Home
  • »
  • News
  • »
  • sports
  • »
  • IND vs England : ঋষভৰ বেটিং ধুমুহা, অলৰাউণ্ডাৰ হাৰ্দিকৰ সুন্দৰ প্ৰদৰ্শনেৰে ইংৰাজ বাহিনীক পৰাস্ত কৰি ছিৰিজ দখল ভাৰতৰ

IND vs England : ঋষভৰ বেটিং ধুমুহা, অলৰাউণ্ডাৰ হাৰ্দিকৰ সুন্দৰ প্ৰদৰ্শনেৰে ইংৰাজ বাহিনীক পৰাস্ত কৰি ছিৰিজ দখল ভাৰতৰ

২৬০ ৰানৰ টাৰ্গেট অনুসৰণ কৰি ভাৰতে প্ৰথমৰে পৰা চাপত পৰে। শিখৰ ধৱন (১) চূড়ান্তভাৱে ব্যৰ্থ হয়। ৰোহিত শৰ্মা (১৭) বাহিৰৰ বল খেলিবলৈ গৈ উভতিবলগীয়া হয় পেভিলিয়নলৈ।

২৬০ ৰানৰ টাৰ্গেট অনুসৰণ কৰি ভাৰতে প্ৰথমৰে পৰা চাপত পৰে। শিখৰ ধৱন (১) চূড়ান্তভাৱে ব্যৰ্থ হয়। ৰোহিত শৰ্মা (১৭) বাহিৰৰ বল খেলিবলৈ গৈ উভতিবলগীয়া হয় পেভিলিয়নলৈ।

২৬০ ৰানৰ টাৰ্গেট অনুসৰণ কৰি ভাৰতে প্ৰথমৰে পৰা চাপত পৰে। শিখৰ ধৱন (১) চূড়ান্তভাৱে ব্যৰ্থ হয়। ৰোহিত শৰ্মা (১৭) বাহিৰৰ বল খেলিবলৈ গৈ উভতিবলগীয়া হয় পেভিলিয়নলৈ।

  • Share this:
দেওবাৰে মানচেষ্টাৰৰ অ’ল্ড ট্ৰেফ’ৰ্ড খেলপথাৰত টছত জিকি যেতিয়া ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছিল ৰোহিত শৰ্মাই, তেতিয়াই বহুতেই আচৰিত হৈছিল যে কিয় ৰোহিতে এই সিদ্ধান্ত ল’লে। কিন্তু ভাৰতীয় বলাৰসকলৰ প্ৰদৰ্শন খুব ভাল আছিল এই মেচখনত। বিশেষকৈ হাৰ্দিক পাণ্ডিয়াই দখল কৰে চাৰিটা উইকেট। তেওঁক যোগ্য সহযোগ কৰে চহল আৰু চিৰাজে। পিঠিৰ আঘাতৰ বাবে খেলিব নোৱাৰিলে বুমৰাহে। কিন্তু তেওঁৰ অভাৱ অনুভৱ কৰিব নিদিলে বাকীসকলে।

ইংলেণ্ড দলৰ বেটছমেনসকলে বিশাল ৰান কোনোৱে কৰিব নোৱাৰিলেও ৰয় (৪১), বেন ষ্টোকছ (২৭), বাটলাৰ (৬০), মই আলী (৩৪) মিলি ইংলেণ্ডক এক সন্তোষজনক স্থিতিত উপনীত কৰায়। ২৬০ ৰানৰ টাৰ্গেট অনুসৰণ কৰি ভাৰতে প্ৰথমৰে পৰা চাপত পৰে। শিখৰ ধৱন (১) চূড়ান্তভাৱে ব্যৰ্থ হয়। ৰোহিত শৰ্মা (১৭) বাহিৰৰ বল খেলিবলৈ গৈ উভতিবলগীয়া হয় পেভিলিয়নলৈ।

দেখি ভাৱ হৈছিল বিৰাট কোহলীয়ে হয়তো বিশাল স্ক’ৰ কৰিব। তিনিটা বাউণ্ডেৰীও কোবালে। কিন্তু তাৰ পিছতে ছন্দপতন। ১৭ ৰান কৰি উভতিল বিৰাট। তিনিটা উইকেট পেলালে ৰিছ টপলে। তেওঁৰ বাউন্সে চাপত পেলালে ভাৰতক। সূৰ্য কুমাৰ যাদৱে ১৬ ৰান কৰি আউট হয়। ৭২ ৰানত চাৰিটা উইকেট হেৰুৱাই স্বাভাৱিকতে চাপত পৰিছিল টীম ইণ্ডিয়া।

একপ্ৰকাৰ খেলখনত জয়লাভ কৰাটো কঠিন হৈ পৰিছিল ভাৰতীয় দলৰ বাবে। কিন্তু তাৰ পিছতে ঋষভ পন্ত আৰু হাৰ্দিক পাণ্ডিয়াই চম্ভালি ল’লে সকলো। ধৈৰ্য সহকাৰে খেল আগুৱাই নিলে দুয়ো। ১৩৩ ৰানৰ পাৰ্টনাৰশ্বিপ। ছিংগল–ডাবল ৰানেৰে আগুৱাই গ’ল স্ক’ৰব’ৰ্ড। লুজ ব’ল বালেই বাউণ্ডেৰী।

দুৰ্দান্ত কেইবাটাও শ্বট মাৰিলে হাৰ্দিকে। ১০টা বাউণ্ডেৰীৰে সজালে নিজৰ ইনিংছ। শেষত কৰ্ছৰ বলত কেচ আউট হয় বেন ষ্টোকছৰ হাতত। তেতিয়ালৈ আত্মবিশ্বাস ঘূৰাই পাইছিল ঋষভে। ঋষভে পুনৰ প্ৰমাণ কৰিলে এদিনীয়া ক্ৰিকেটত তেওঁ কিমান ভয়ংকৰ ৰূপ ল’ব পাৰে। কিছু ধৈৰ্য আৰু দয়িত্ব ল’লে ঋষভ যে মেচ উইনাৰ তাত সন্দেহ নাই। হাৰ্দিক আউট হোৱাৰ সময়ত মেচ জিকিবলৈ প্ৰয়োজন আছিল ৫৫ ৰানৰ।

বেটিং কৰিবলৈ আহিল ৰবীন্দ্ৰ জাদেজা। ঋষভ পন্তে নিজৰ এদিনীয়া কেৰিয়াৰৰ প্ৰথমটো শতক অৰ্জন কৰে। অৱশেষত ভাৰতৰ হাতত পাঁচ উইকেটত পৰাস্ত হয় ইংলেণ্ড।
Published by:Sanjay Kumar Das
First published: