• Home
  • »
  • News
  • »
  • sports
  • »
  • Rohit Sharma six breaks nose : বিশাল ছয় কোবাই গেলাৰীত উপস্থিত দৰ্শকৰ নাক ভাঙিলে হিটমেন ৰোহিত শৰ্মাই

Rohit Sharma six breaks nose : বিশাল ছয় কোবাই গেলাৰীত উপস্থিত দৰ্শকৰ নাক ভাঙিলে হিটমেন ৰোহিত শৰ্মাই

লগে লগে তেওঁক হাস্পতাললৈ নিয়া হয়। চিকিৎসকৰ মতে, ২২ বছৰীয়া যুৱকজনৰ নাকৰ ওপৰ অংশ ফাটি গৈছে। এক্সৰে’ কৰি চোৱাত দেখা যায়, নাকৰ হাড় ভাঙি গৈছে।

  • Share this:
বেটছমেনৰ শ্বটত গেলাৰীৰ দৰ্শকে আঘাত পোৱা ঘটনা পূৰ্বেও ঘটিছে। এই তালিকাত আছে ক্ৰিছ গেইল, মহেন্দ্ৰ সিং ধোনী, বিৰাট কোহলীৰ দৰে খেলুৱৈ। আচলতে বিশাল ছয়ৰ কোবোৱাৰ সময়ত বল যেতিয়া গেলাৰীলৈ আহে তেতিয়া দৰ্শকসকলে অনুমান কৰিব নোৱাৰে বলৰ গতি প্ৰকৃতি। ফলত সংঘটিত হয় অঘটন।

বেংগালুৰুত প্ৰথম ইনিংছৰ আৰম্ভণিতে বিশাল ছয় কোবালে অধিনায়ক ৰোহিত শৰ্মাৰ। বল গৈ পৰিল দৰ্শকৰ মাজত। সেই বলৰ আঘাতত নাক ভাঙিল এজন দৰ্শকৰ। লগে লগে লোকজনক লৈ যোৱা হয় হাস্পতাললৈ। এই ঘটনাটো ঘটে মেচৰ ষষ্ঠ অভাৰত।

শ্ৰীলংকাৰ বাওঁহতীয়া পেছাৰ বিশ্ব ফাৰ্ণাণ্ডোৰ বল ডিপ মিড উইকেটৰ ওপৰেৰে মাৰি পঠিয়ায় ৰোহিত শৰ্মাই। সেই বল গৈ এজন দৰ্শকৰ নাকত লগে। ফলত লোকজনৰ নাকৰ পৰা তেজ ওলাবলৈ ধৰে।

লগে লগে তেওঁক হাস্পতাললৈ নিয়া হয়। চিকিৎসকৰ মতে, ২২ বছৰীয়া যুৱকজনৰ নাকৰ ওপৰ অংশ ফাটি গৈছে। এক্সৰে’ কৰি চোৱাত দেখা যায়, নাকৰ হাড় ভাঙি গৈছে।

ফাৰ্ণাণ্ডোৰ বলত বিশাল ছয় কোবালেও মেচখনত ৰোহিত শৰ্মাই বৃহৎ স্ক’ৰ কৰিবলৈ সক্ষম নহ’ল। ২৫ বলত ১৫ ৰান কৰে ৰোহিত শৰ্মাই। এটা চাৰি আৰু এটা ছয় কোবায় হিটমেন ৰোহিতে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি