মুখ্যপৃষ্ঠা »খবৰ »ক্ৰীড়া »Rishabh Pant Health Update: ঋষভ পন্তক লৈ আহিছে বৃহৎ খবৰ; বৰ্তমান মেক্স চিকিৎসালয়ৰ আইচিইউত চিকিৎসাধীন ঋষভ

Rishabh Pant Health Update: ঋষভ পন্তক লৈ আহিছে বৃহৎ খবৰ; বৰ্তমান মেক্স চিকিৎসালয়ৰ আইচিইউত চিকিৎসাধীন ঋষভ

বিচিচিআইৰ চিকিৎসকসকলে মেক্স চিকিৎসালয়ৰ চিকিৎসকসকলৰ সৈতে নিৰন্তৰ যোগাযোগ কৰি আছে আৰু ঋষভক আন ঠাইলৈ স্থানান্তৰ কৰাৰ প্ৰয়োজন আছে নে নাই সেই বিষয়ে সিদ্ধান্ত ল’ব

বিচিচিআইৰ চিকিৎসকসকলে মেক্স চিকিৎসালয়ৰ চিকিৎসকসকলৰ সৈতে নিৰন্তৰ যোগাযোগ কৰি আছে আৰু ঋষভক আন ঠাইলৈ স্থানান্তৰ কৰাৰ প্ৰয়োজন আছে নে নাই সেই বিষয়ে সিদ্ধান্ত ল’ব

বিচিচিআইৰ চিকিৎসকসকলে মেক্স চিকিৎসালয়ৰ চিকিৎসকসকলৰ সৈতে নিৰন্তৰ যোগাযোগ কৰি আছে আৰু ঋষভক আন ঠাইলৈ স্থানান্তৰ কৰাৰ প্ৰয়োজন আছে নে নাই সেই বিষয়ে সিদ্ধান্ত ল’ব

  • Share this:
ক্ৰিকেটাৰ ঋষভ পন্তৰ স্বাস্থ্য সম্পৰ্কে নতুন আপডেট অনুসৰি, তেওঁ এতিয়াৰ বাবে ডেহৰাডুনৰ মেক্স চিকিৎসালয়তে থাকিব। তেওঁক চিকিৎসালয়খনৰ আইচিইউত ভৰ্তি কৰোৱা হৈছে। তাত হৈ থকা চিকিৎসাই পণ্টৰ ওপৰত ভাল প্ৰভাৱ পেলাইছে। তেওঁ সম্পূৰ্ণৰূপে সুস্থ আৰু আৰোগ্য হৈ আছে। তেওঁৰ সৈতে তেওঁৰ মাক সৰোজ পন্ত আৰু ভগ্নী সাক্ষী চিকিৎসালয়ত আছে।

উল্লেখনীয় যে, ২৫ বছৰীয়া ঋষভ পন্ত বিগত ৩০ ডিচেম্বৰৰ ৰাতিপুৱা ৰুৰকীৰ নৰচানৰ দিল্লী-ডেৰাডুন ঘাইপথত দুৰ্ঘটনাত পতিত হৈছিল। তেওঁৰ মাৰ্চিডিজ বাহনখন ঘাইপথ ফেন্সিঙৰ সৈতে সংঘৰ্ষ হৈছিল আৰু এই দুৰ্ঘটনাত যথেষ্ট আঘাত পাইছিল।

শেহতীয়া আপডেট অনুসৰি, ঋষভ পন্তৰ অৱস্থা এতিয়া যথেষ্ট উন্নত হৈছে আৰু চিকিৎসকসকলে তেওঁক এতিয়া আন কোনো চিকিৎসালয়লৈ স্থানান্তৰ কৰাৰ কথা বিবেচনা কৰা নাই। ইনচাইড স্পোৰ্টৰ এক প্ৰতিবেদন অনুসৰি, টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শৰ্মাই ঋষভ পন্তৰ চিকিৎসা কৰা চিকিৎসকসকলৰ সৈতে কথা পাতিছিল আৰু তেওঁৰ স্বাস্থ্যৰ বিষয়ে তথ্য লাভ কৰিছিল। ঋষভ পন্তৰ পৰিয়ালৰ সৈতে চিকিৎসালয়ত উপস্থিত থকা হৰিদ্বাৰৰ খানপুৰৰ বিধায়ক উমেশ কুমাৰে নিউজ১৮ ইণ্ডিয়াক কয় যে, ‘‘এই মুহূৰ্তত তেওঁক আন কোনো চিকিৎসালয়লৈ স্থানান্তৰ কৰাৰ কোনো পৰিকল্পনা নাই। তেওঁৰ অৱস্থা যথেষ্ট উন্নত হৈছে। কপালত প্লাষ্টিক অস্ত্ৰোপচাৰ কৰা হৈছে। কালি প্ৰথম ড্ৰেছিংটো সম্পন্ন হৈছিল।’’

বিচিচিআইৰ চিকিৎসকসকলে মেক্স চিকিৎসালয়ৰ চিকিৎসকসকলৰ সৈতে নিৰন্তৰ যোগাযোগ কৰি আছে আৰু ঋষভক আন ঠাইলৈ স্থানান্তৰ কৰাৰ প্ৰয়োজন আছে নে নাই সেই বিষয়ে সিদ্ধান্ত ল’ব। দিল্লী আৰু জিলা ক্ৰিকেট সংস্থাৰ (ডিডিচিএ) সঞ্চালক শ্যাম শৰ্মা, বলীউড অভিনেতা অনিল কাপুৰ আৰু অনুপম খেৰেও শনিবাৰে মেক্স হস্পিটেলত ঋষভ পন্ত আৰু তেওঁৰ মাতৃক সাক্ষাৎ কৰে। বিচিচিআইয়েও তেওঁলোকৰ সৈতে যোগাযোগ কৰি আছে। বৰ্তমানৰ বাবে, তেওঁক ইয়াত ৰখা হ’ব। তেওঁৰ অলপ কষ্ট হৈছে, কিন্তু তেওঁ এতিয়াও হাঁহি আছে।’’

ডিডিচিএৰ সঞ্চালক শ্যাম শৰ্মাই ঋষভ পন্তৰ সৈতে কথা পাতি দুৰ্ঘটনাটোৰ কাৰণ সম্পৰ্কেও সংবাদ মাধ্যমক অৱগত কৰিছিল। তেওঁ পন্তৰ উদ্ধৃতি দি কৈছিল যে যেতিয়া ঋষভে গাড়ীখন ৰাস্তাটোত থকা গাঁতৰ পৰা বচাবলৈ চেষ্টা কৰিব বিচাৰিছিল তেতিয়া দুৰ্ঘটনাটো সংঘটিত হৈছিল। ৰাতিপুৱা কুঁৱলীৰ বাবে দৃশ্যমানতা অলপ কম আছিল। চিকিৎসালয়ৰ পৰা ওলাই অহাৰ পিছত অনিল কাপুৰে ক'লে, ‘ঋষভ পন্ত ভালে আছে। তেওঁৰ অনুৰাগী হয়, সেয়েহে তেওঁৰ খবৰ ল’বলৈ আহিছিলো। আহক আমি সকলোৱে প্ৰাৰ্থনা কৰোঁ যাতে তেওঁ সোনকালে সুস্থ হয় আৰু আমি তেওঁক পুনৰ খেলি থকা দেখিবলৈ পাওঁ।’’ আনহাতে অনুপম খেৰে কয় যে, ‘‘সব ঠিকে আছে। আমি পন্ত, তেওঁৰ মাক আৰু আত্মীয়সকলক লগ পাইছিলো। তেওঁলোক সকলো ঠিকেই আছে।’’

শেহতীয়া বাতৰি